আন্তঃৰাষ্ট্ৰীয়

ক্ৰিকেটৰ পৰা বিদায় ল’লে লাচিথ মালিংগাই…

asomiyapratidin

ডিজিটেল ডেস্কঃ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে শ্ৰীলংকাৰ ইয়ৰ্কাৰ কিং লাচিথ মালিংগাই। মঙলবাৰে ছচিয়েল মিডিয়াত এই কথা ঘোষণা কৰে শ্ৰীলংকান ক্ৰিকেটাৰ গৰাকীয়ে। 'ক্ৰিকেটৰ প্ৰতিটো ফৰ্মেটৰ পৰা মই বিদায় লৈছো। মোক সমৰ্থন কৰা সকলোলৈ ধন্যবাদ। যুৱ ক্ৰিকেটাৰসকলৰ সৈতে মই মোৰ অভিজ্ঞতা শ্বেয়াৰ কৰিম।'- এনেদৰে টুইটাৰত লিখিছে মালিংগাই।

মালিংগাই বলিং কৰাৰ সময়ত বেটছমেনে ষ্টাম্পৰ সন্মুখৰ পৰা বেটখন আঁতৰাই দিয়াৰ অৰ্থ যে আউট সেইটো প্ৰায় নিশ্চিত আছিল। কিয়নো মালিংগাক সকলোৱে ইয়'ৰ্কাৰ কিংগ বুলিয়েই সম্বোধন কৰে। এই দিগ্বজ বলাৰ গৰাকীয়ে ২৯৫খন টি-২০ মেচত ৩৯০টা উইকেট দখল কৰিছিল।