আন্তঃৰাষ্ট্ৰীয়

কুৱেইট গায়কৰ কন্ঠত মহাত্মা গান্ধীৰ প্ৰিয় ভজন, চাওক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতৰ বিদেশমন্ত্ৰী সুষমা স্বৰাজৰ কুৱেইট ভ্ৰমণ কালৰ এটা ভিডিঅ'ই বৰ্তমান ছ'চিয়েল মিডিয়াত সৰৱ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷ কুৱেইটৰ জনপ্ৰিয় গায়ক মুবাৰক অল-ৰাচিদে এক বৈঠক অনুষ্ঠানত বিদেশ মন্ত্ৰীগৰাকীৰ সন্মুখত পৰিৱেশন কৰা 'বৈষ্ণৱ জান তো' গীতটোৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷

উল্লেখ্য যে, দুয়োখন দেশৰ মাজত বৈদেশিক দ্বিপাক্ষিক আলোচনাত মিলিত হ'বলৈ কুৱেইট উপস্থিত হয় বিদেশ মন্ত্ৰী সুষমা স্বৰাজ৷ তাত বিদেশ মন্ত্ৰীগৰাকীক উস্ম আদৰণি জনায় ৰাষ্ট্ৰপতি মৰজাক অল-ঘাণিমৰ লগতে কেবাগৰাকীও উচ্চস্তৰীয় বিষয়াই৷

ইফালে, বুধবাৰে মন্ত্ৰীগৰাকীয়ে কুৱেইট মন্ত্ৰী শ্বেইখ মোহম্মদ বিন আব্দুল ৰহমানৰ আৰু প্ৰতিনিধিসকলৰ সৈতে এক আলোচনাত মিলিত হয়৷ সন্ধিয়া মন্ত্ৰীগৰাকীৰ কুৱেইট স্বাগতৰ এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয়৷ য'ত ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীৰ সন্মুখত ভাৰতীয় ভজন সংগীত পৰিৱেশন কৰে জনপ্ৰিয় গায়ক মুবাৰক অল-ৰাচিদে৷

উল্লেখ্য যে, মুবাৰক অল-ৰাচিদে সুষমা স্বৰাজৰ সন্মুখত পৰিৱেশন কৰা 'বৈষ্ণৱ জান তো' শীৰ্ষক ভজনটো মহাত্মা গান্ধীৰ প্ৰিয় ভজনৰ ভিতৰত অন্যতম আছিল৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাচিদে ভজনটো পৰিৱেশন কৰে৷ তেওঁ বিগত এমাহ ধৰি ভজনটোৰ সাৰমৰ্ম বুজি সুৰ-তাল-লয়ৰ কচৰৎ কৰিছিল বুলি প্ৰকাশ কৰে৷

ইফালে এগৰাকী কুৱেইট গায়কে এনেদৰে ভাৰতীয় সংগীতৰ প্ৰতি সন্মান জনাই সুন্দৰভাৱে গীতটো পৰিৱেশন কৰাৰ ভিডিঅ'ই ভাৰতবাসীক গৌৰৱাম্বিত কৰি তুলিছে৷