আন্তঃৰাষ্ট্ৰীয়

পাকিস্তানত কাৰাবন্দী কুলভূষণ যাদৱ সন্দৰ্ভত আইচিজেৰ ৰায়ঃ কি ক’লে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে

asomiyapratidin

ডিজিটেল ডেস্কঃ পাকিস্তানৰ সৈন্য আদালতে মৃত্যুদণ্ড প্ৰদান কৰা ভাৰতীয় নাগৰিক কুলভূষণ যাদৱৰ মৃত্যুৰ শাস্তি খাৰিজ কৰি বুধবাৰে ইন্টাৰনেশ্যনেল কোৰ্ট অৱ জাষ্টিছে ৰায় প্ৰদান কৰাৰ পিছতে বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে। ইমৰান খানে এক টুইটযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি লিখিছে যে কুলভূষণ যাদৱ সন্দৰ্ভত পাকিস্তান আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে, 'কমাণ্ডাৰ কুলভূষণ যাদৱক মুক্ত কৰি দিয়া অথবা উভতাই দিয়াৰ বাবে আইচিজেয়ে ৰায় প্ৰদান নকৰা বাবে আদালতৰ প্ৰশংসা কৰিছো। কুলভূষণ যাদৱ পাকিস্তানৰ জনতাৰ বিৰুদ্ধে অপৰাধমূলক কাম-কাজ সংঘটিত কৰা এজন অপৰাধী। পাকিস্তান আইনৰ অধীনত পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।'

উল্লেখ্য যে, ভাৰতীয় নাগৰিক কুলভূষণ যাদৱক নৌ সেনাৰ বিষয়া বুলি দাবী কৰি পাকিস্তানত চোৰাংচোৱাগিৰি আৰু সন্ত্ৰাসবাদ বিয়পোৱাৰ অভিযোগত দোষী সাব্যস্ত কৰিছিল পাকিস্তানৰ এখন সৈন্য আদালতে। যাৰ পৰিপ্ৰেক্ষিতত ২০১৭ চনৰ এপ্ৰিলত ফাঁচী ঘোষণা কৰা হৈছিল কুলভূষণ যাদৱৰ। ইফালে পাকিস্তানৰ এই সিদ্ধান্তৰ পিছতে ইন্টাৰনেশ্যনেল কোৰ্ট অৱ জাষ্টিছৰ কাষ চাপে ভাৰত। পাকিস্তানে কুলভূষণ যাদৱক কূটনৈতিক অধিকাৰ প্ৰদান নকৰাৰ লগতে ভাৰতক এই সন্দৰ্ভত দীৰ্ঘদিনলৈকে পাকিস্তানে কোনো তথ্য যোগান নধৰা বুলি আইচিজেৰ ওচৰত অভিযোগ কৰে ভাৰতে।

বুধবাৰে নেডাৰলেণ্ডত আইচিজেৰ এক ৰাজহুৱা শুনানিত আদালতে কুলভূষণ যাদৱৰ ফাঁচীৰ শাস্তি খাৰিজ কৰাৰ লগতে কাৰাবন্দী কুলভূষণে লাভ কৰিবলগীয়া কূটনৈতিক অধিকাৰ প্ৰদান কৰাৰ বাবে পাকিস্তানক নিৰ্দেশ দিয়ে। উল্ল্যেখ্য যে, বুধবাৰে আন্তঃৰাষ্ট্ৰীয় আদালতৰ ১৬ গৰাকী ন্যায়াধীশৰ ১৫ গৰাকীয়েই ভাৰতৰ পক্ষত ৰায়দান কৰে।