আন্তঃৰাষ্ট্ৰীয়

“লৌহ মানৱ”ৰ খিতাপ অৰ্জন কৰিলে আইপিএছ বিষয়া কৃষ্ণ প্ৰকাশে…

asomiyapratidin

ডিজিটেল ডেস্কঃ আইপিএছ অফিচাৰ কৃষ্ণ প্ৰকাশে ভাৰতৰ নাম বিশ্বৰ প্ৰেক্ষাপটত উজলাবলৈ সক্ষম হৈছে। তেওঁৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডচ নিজৰ নাম লৌহ মানৱ হিচাপে অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হোৱা প্ৰথম গৰাকী ভাৰতীয় বিষয়া।

উল্লেখ্য যে, এই পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা কৃষ্ণ প্ৰকাশ প্ৰথম গৰাকী ভাৰতীয় চৰকাৰী কৰ্মচাৰী। আইপিএছ কৃষ্ণ প্ৰকাশে ২০১৭ চনত দেশৰ সকলোতকৈ কঠিন খেল আইৰেনমেন ট্ৰাইথলান সম্পূৰ্ণ কৰিছিল।

এই খেলত তেওঁ এদিনত ৩,৮ কিলোমিটাৰ সাতোৰ, ১৮০.২ কি.মি দীঘলীয়া চাইকেল ৰেচ আৰু ৪২.২ কিলোমিটাৰ দৌৰ প্ৰতিযোগিতাত সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল। এই সকলো খিনি এজন প্ৰতিযোগীয়ে ১৬ ৰ পৰা ১৭ ঘন্টাৰ ভিতৰত সম্পূৰ্ণ কৰাটো বাধ্যতামূলক।