আন্তঃৰাষ্ট্ৰীয়

সুৰাৰ ৰাগীত পৰ্যটক উঠিলগৈ জিৰাফৰ পিঠিত… ভাইৰেল VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ আপুনি চিৰিয়াখানালৈ নিশ্চয় গৈছে। হাতী, ঘৰিয়াল, জলহস্তী, জিৰাফ, বান্দৰ এইবোৰৰ কাষৰ পৰা চাবলৈ পৰ্যটকসকল যায় চিৰিয়াখানালৈ। কিন্তু বন্যপ্ৰাণী থকা গড়ালসমূহৰ সন্মুখত লিখা থাকে- 'কাষলৈ নাযাব' বা 'বন্যপ্ৰাণীক চুবলৈ চেষ্টা নকৰিব'।

কিন্তু কাজাখিস্তানৰ এখন চিৰিয়াখানাত দেখা গ'ল এক আজৱ দৃশ্য। আৰু সেই দৃশ্যৰএটা ভিডিঅ' ভাইৰেল হৈ পৰিছে বৰ্তমান ছ'চিয়েল মিডিয়াত। দৰাচলতে, চিৰিয়াখানালৈ যোৱাএজন যুৱকে সুৰাসত্ত অৱস্থাত এটা জিৰাফৰ পিঠিত উঠি বহিলগৈ।

জিৰাফক ৰখা গড়ালটোৰ বেৰত বগাই উঠি প্ৰথমে জিৰাফটোক হাতেৰে চুই চালে সুৰাসত্ত যুৱকজনে। তাৰপাছত উঠিলগৈ জিৰাফটোৰ পিঠিত। গড়ালটোৰ সন্মুখত থকা সকলোৱে সেই দৃশ্য পৰিলক্ষিত কৰাৰ লগতে একাংশই মবাইলত বন্দী কৰিলে ভিডিঅ'।

এবাৰ জিৰাফটোৱে গাটো জোকাৰি যুৱকজনক নমাই দিয়াৰ পাছত পুনৰ যুৱকজন উঠিলগৈ জিৰাফটোৰ পিঠিত। বেচেৰা জিৰাফটোৱেনো কৰিব কি? সুৰাৰ ৰাগীত থকা যুৱকজনে পিছে জিৰাফৰ পিঠিত উঠিব বুলি যেন প্ৰতিজ্ঞাৱদ্ধহে হৈছিল! সেয়েহে দুবাৰকৈ উঠিলগৈ জিৰাফটোৰ ওপৰত।

https://www.instagram.com/tv/B0a0Nfnnqbz/?utm_source=ig_web_button_share_sheet

স্থানীয় সংবাদ মাধ্যম অনুসৰি, কাজাখিস্তানৰ ছিমংকেট চিৰিয়াখানাত সংঘটিত হৈছিল এই ঘটনাটো। যেতিয়া যুৱকজনে জিৰাফটোৰ পিঠিত পিঠিত উঠিছিল, সেই সময়ত তেওঁ সুৰাসত্ত অৱস্থাত আছিল। জানিব পৰা মতে, আৰক্ষীয়ে এই যুৱকজনৰ সন্ধান বিচাৰি ফুৰিছে।