আন্তঃৰাষ্ট্ৰীয়

কৃষক বিক্ষোভ উদ্বেগজনক, আমি সদায় শান্তিপূৰ্ণ আন্দোলনৰ পক্ষতঃ কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশত অব্যাহত থকা কৃষক আন্দোলনৰ সম্পৰ্কত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰোডোয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ এই সম্পৰ্কে কয় যে কানাডাই সদায় শান্তি পূৰ্ণ আন্দোলনৰ সমৰ্থন কৰে। দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কাৰ্যকৰী কৰা তিনিখন কৃষি আইনৰ সম্পৰ্কত মোডীৰ স্থিতি চিন্তাজনক বুলি মন্তব্য ককে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

গুৰু নানকৰ ৫৫১ সংখ্যক জন্মজয়ন্তীত এক অনলাইন কনফাৰেন্সত অংশ লৈ কানাডাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁৰ বক্তব্য কয় যে, ভাৰতৰ কৃষক আন্দোলনৰ খুবেই চৰ্চা চলি আছে। তেওঁ পৰিয়ালৰে সদস্যৰ দৰে কৃষকৰ এই আন্দোলনক লৈ যথেষ্ট চিন্তাম্বিত।

তেওঁ লগতে এয়া কেৱল এজনৰ আন্দোলন নহয় বুলি উল্লেখ কৰি কয় যে, কানাডাই সদায় শান্তি পূৰ্ণ আন্দোলনক শ্ৰদ্ধা কৰি আহিছে। জাষ্টিন কৃষক আন্দোলন সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা প্ৰথমজন বিদেশী লোক।