j&k ips officer death
j&k ips officer death 
আন্তঃৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰত আই.পি.এছ হেমন্ত কুমাৰ লোহিয়াৰ ৰহস্যজনক মৃত্যু...

Asomiya Pratidin

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আই পি এছ হেমন্ত কুমাৰ লোহিয়াৰ ৰহস্যজনক মৃত্যু। জম্মুৰ উদয়ৱালাৰ বাসভৱনত নিশা মৃত অৱস্থাত উদ্ধাৰ লোহিয়া কৰা হয়।

উল্লেখ্য যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ জম্মুত থকা সময়তে এই ঘটনা সংঘটিত হয়।জ্যেষ্ঠ আই পি এছ বিষয়াজনক কোনো লোৰে হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।ঘৰৰ বনকৰা লোকে লোহিয়াক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

কিয়নো লোহিয়াৰ মৃত্যুৰ পাছৰে পৰা পলাতক অৱস্থাত আছে বনকৰা লোকজন। আনহাতে পলাতক বনকৰা লোকজনৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।