আন্তঃৰাষ্ট্ৰীয়

আগ্ৰাসী চীনক শিক্ষা দিবলৈ ফ্ৰান্স, জাৰ্মানী আৰু ভাৰতৰ ৰণনীতিঃ ২১ জানুৱাৰীত ভাৰত পাবহি জাৰ্মানীৰ যুদ্ধ জাহাজ…

asomiyapratidin

ডিজিটেল ডেস্কঃ এছিয়া মহাদেশৰ সমান্তৰালভাৱে সমগ্ৰ বিশ্বতে চীনে নিজকে শক্তিশালী শক্তি ৰূপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়তে বিশ্বৰ ববহুকেইখন আগশাৰীৰ দেশে চীনৰ বিৰুদ্ধে থিয় দিছে। বিশেষকৈ দক্ষিণ চীন সাগৰৰ পিছত ইণ্ডো-পেচিফিক সাগৰ অঞ্চলত চীনে নিজৰ প্ৰভূত্ব বৃদ্ধিৰ বাবে তৎপৰতাৰ কাম কৰি আহিছে। ইয়াৰ মাজতে চীনৰ এই আগ্ৰাসী চৰিত্ৰক নাকি লগাবলৈ শেহতীয়াকৈ জাৰ্মানী, ফ্ৰান্স আৰু ভাৰতে একেলগে ৰণনীতি তৈয়াৰ কৰিছে।

তিনিওখন দেশ বিগত বছৰত হাতে হাত ধৰি সাগৰীয় অঞ্চলত চীনৰ তৎপৰতাৰ বিৰুদ্ধে নিজৰ শক্তি বৃদ্ধিৰ বাবে কাম কৰাৰ পণ লৈছিল। সেই অনুসৰি জাৰ্মানীৰ শেহতীয়া যুদ্ধ জাহাজ বায়াৰ্ণ আগন্তুক ২১ জানুৱাৰীত মুম্বাইৰ বন্দৰত আহি উপস্থিত হ'ব। জাৰ্মানীৰ উপৰিও ফ্ৰান্সেও আন এক শক্তিশালী যুদ্ধ জাহাজ ভাৰতলৈ প্ৰেৰণ কৰিবলৈ সাজু হৈছে। জাৰ্মানী, ফ্ৰান্স আৰু ভাৰতৰ এই পদক্ষেপে আগ্ৰাসী চীনক স্পষ্ট ইংগিত প্ৰদান কৰিছে যে চীনৰ একপক্ষীয় আধিপত্য বিস্তাৰৰ যি তৎপৰতা সেয়া সফল হ'বলৈ কোনো কাৰণতে দিয়া নহ'ব।

উল্লেখ্য যে বিগত বছৰত আমেৰিকাৰ উপৰিও ফ্ৰান্সে আৰু জাৰ্মানীয়ে স্পষ্ট কৰি দিছিল যে ভাৰত মহাসাগৰ, প্ৰশান্ত মহাসাগৰেই হওঁক বা দক্ষিণ চীন সাগৰেই হওঁক, আন্তৰ্জাতিক নিয়মৰ অধীনত বাণিজ্য আৰু অন্যান্য কাৰ্যকলাপ হ'ব। কাৰো একপক্ষীয় আধিপত্য নচলিব।