আন্তঃৰাষ্ট্ৰীয়

বাংলাদেশৰ সংখ্যালঘু লোকৰ ওপৰত চলা নিৰ্মম অত্যাচাৰৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ ৰাষ্ট্ৰসংঘক অনুৰোধ ইস্কনৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ বাংলাদেশত হিন্দুৰ ওপৰত চলোৱা আক্ৰমণক লৈ ইন্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াচনেছ চমুকৈ ইস্কনে এনে ঘটনাৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে ৰাষ্ট্ৰসংঘক আহ্বান জনায়। তেওঁলোকে এক পত্ৰ প্ৰেৰণ কৰি কয়- যোৱা ৯ দিন ধৰি বাংলাদেশৰ হিন্দুসকলৰ ওপৰত অবিৰতভাৱে আক্ৰমণ চলি আছে। তেওঁলোকৰ পূৰ্বপুৰুষসকল ১৯৪৬চনত নাওখালী হিংসাত্মক ঘটনা, ১৯৭১চনৰ গণহত্যাৰ পৰা ৰক্ষা পৰিছিল আৰু এতিয়া বাংলাদেশত থাকিবলৈ সিদ্ধান্ত লৈছিল। শনিবাৰে প্ৰায় ২০০জনীয়া এটা দল নাওখালীস্থিত ইস্কনৰ চৌহদত প্ৰৱেশ কৰে আৰু ৩ ঘন্টা ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰে।

এই ঘটনাৰ পাছতে আমাৰ এজন লোক নিহত আৰু বহু লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁলোকে নিজৰ জীৱনৰ বাবে যুঁজি আছে। দেওবাৰে পুৱা আমি আমাৰ আশ্ৰমৰ পাৰ্থ নামৰ  এজন ভক্তৰ মৃতদেহটো পাইছো। যোৱা কালিৰ পৰা তেওঁ সন্ধানহীন হৈ আছিল। তেওঁক চোকা অস্ত্ৰৰে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা হ'ল। তদুপৰি আমাৰ ইস্কন মন্দিৰটো সম্পূৰ্ণৰূপে ভাঙি দিয়া হৈছিল আৰু বহু অংশ জ্বলায়ো দিছিল।

লগতে পত্ৰখনত উল্লেখ কৰা মতে, ইস্কন মন্দিৰৰ ওচৰত থকা প্ৰায় ডেৰশ টা ঘৰৰ লুটপাত চলোৱাৰ লগতে ঘৰবোৰ ভাঙি লণ্ড ভণ্ড কৰা হয়। কিন্তু যোৱা ৯ দিনে চলি থকা এই পৰিৱেশ-পৰিস্থিতিৰ পাছতো আন্তঃৰ্জাতিক সম্প্ৰদায়ে কোনো মতা নামাতিলে। সেয়েহে ৰাষ্ট্ৰসংঘক বাংলাদেশৰ হিন্দু আৰু অন্যান্য সংখ্যালঘু লোকসকলৰ বিৰুদ্ধে চলা এই হিংসাত্মক ঘটনাক লৈ ব্যৱস্থা গ্ৰহণ আৰু শীঘ্ৰেই ৰাষ্ট্ৰসংঘৰ এটা দল ইয়ালৈ অহাৰ বাবে অনুৰোধ জনাইছো বুলি কয় ন্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াচনেছ অৰ্থাৎ ইস্কনৰ তৰফৰ পৰা।