আন্তঃৰাষ্ট্ৰীয়

ম্যানমাৰত পুনৰ বাহাল কৰা হৈছে ইন্টাৰনেট সেৱা…

asomiyapratidin

ডিজিটেল ডেস্কঃ ম্যানমাৰৰ সামৰিক শাসকৰ বিৰুদ্ধে সোমবাৰে য়াংগুন চহৰৰ ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী। প্ৰতিবাদকাৰীসকলে স্বাধীনতাকামী নেত্ৰী আং চান চ্যুকীৰ মুক্তিৰ দাবী উত্থাপন কৰাৰ লগতে ম্যানমাৰৰ পৰা সেনা বাহিনীৰ শাসন  আঁতৰাবলৈও দাবী জনাইছে।

ম্যানমাৰ সামৰিক বাহিনীৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদে চূড়ান্ত ৰূপ ধাৰণ কৰাৰ পাছত দেওবাৰে নিশাৰ পৰা দেসখনত বন্ধ কৰি দিয়া হৈছিল ইন্টাৰনেট সেৱা। কিন্তু অৱশেষত ম্যানমাৰত পুনৰ বাহাল কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা। উল্লেখ্য যে, ১ ফ্ৰেব্ৰুৱাৰীৰ দিনা ম্যানমাৰৰ প্ৰতিৰক্ষাবাহিনীৰ মুৰব্বী  মিং আন লাইয়িঙৰ নেতৃত্বত সেনাই দেশ খনৰ শাসন হস্তগত কৰে আৰু ৰাষ্ট্ৰপতি ইউ উইন মিন্ত তথা আং চান চ্যুকীক আটক কৰে।