আন্তঃৰাষ্ট্ৰীয়

তালিবানে দখল কৰিলে নেকি পঞ্জশিৰ উপত্যকা! শান্তি বিচাৰিছে দুয়ো পক্ষই…

asomiyapratidin

ডিজিটেল ডেস্কঃ আফগানিস্তানত, তালিবানে পঞ্জশিৰ প্ৰদেশৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ লোৱা বুলি দাবী কৰিছে। তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে এক বিবৃতি জাৰি কৰি কয় যে আফগানিস্তানৰ অন্তিম দুৰ্গৰ এতিয়া তেওঁলোকৰ নিয়ন্ত্ৰণত আছে।

অৱশ্যে, তালিবানৰ বিৰুদ্ধে যুঁজ দিয়া বিৰোধী শক্তি নেচনেল ৰেজিষ্টেন্স ফ্ৰণ্টে (এন আৰ এফ) তালিবানৰ এই দাবীক খাৰিজ কৰিছে।এন আৰ এফৰ মুখপাত্ৰ আলী মাচামে বি বি চিৰ আগত উল্লেখ কৰিছে যে, এইয়া সত্য নহয়। তালিবানে পাঞ্জশিৰক দখল কৰা নাই।

কিন্তু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা কিছুমান ফটোত দেখা পোৱা গৈছে তালিবানৰ যোদ্ধাসকলে পাঞ্জশিৰৰ ৰাজ্যপালৰ চৌহদৰ দুৱাৰৰ সন্মুখত থিয় হৈ আছে। দেওবাৰে, বিৰোধী গোটৰ আফগান নেতা আহমেদ মাছুদে কৈছিল যে তেওঁ তালিবানৰ সামৰিক অভিযান বন্ধ কৰিবলৈ শান্তি আলোচনাৰ বাবে আগ্ৰহী।

তালিবানেও নিজৰ বিবৃতিত কৈছিল যে আফগানসকলে এতিয়া শান্তিপূৰ্ণ সুখী জীৱন, স্বাধীনতা আৰু ভাতৃত্ববোধৰ আনন্দ লাভ কৰিব।