আন্তঃৰাষ্ট্ৰীয়

ভাৰতীয় বেটছমেনৰ নিৰাশাজনক প্ৰদৰ্শন, জয়ৰ বাবে প্ৰয়োজন ১৭৫ৰানৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ  কেংগাৰুবাহিনীৰ সন্মুখত বিধ্বস্ত ভাৰতীয় দল। পাৰ্থত অনুষ্ঠিত অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত চলি থকা দ্বিতীয়খন টেষ্টৰ চতুৰ্থ দিনত অষ্ট্ৰেলিয়াই ২৪৩ৰানৰ লক্ষ্য বান্ধি দি ৪৩ৰানৰ অগ্ৰগতি লাভ কৰে। অষ্ট্ৰেলিয়াৰ এই ৰানৰ পাছতেই ভাৰতক জয়ৰ বাবে প্ৰয়োজন আছিল ২৮৬ৰান।

ক্ৰীজত নামি অপেনাৰ বেটছমেন কে এল ৰাহুলে ০ ৰানতে পেভিলিয়নমুখী হয়। ইয়াৰ পাছতে এছ পূজাৰা, বিৰাট কোহলি, মুৰুলি বিজয়, অজ্যিংকা ৰাহানে কেংগাৰুবাহিনীৰ বলিঙৰ সন্মুখত বেছি সময় ক্ৰীজত তিষ্ঠিব নোৱাৰিলে। দিনটোৰ খেলৰ অন্তত ৫ উইকেটৰ বিনিময়ত ভাৰতীয় দলটোৱে ১১২ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। মঙলবাৰে পুনৰ ক্ৰীজত নামিলে ভাৰতৰ সন্মুখত জয়ৰ বাবে প্ৰয়োজন হ'ব ১৭৫ ৰান।