আন্তঃৰাষ্ট্ৰীয়

ইণ্ডোনেছিয়াত আগ্নেয়গিৰি উদগীৰণ, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াৰ সুমাত্ৰা দ্বীপৰ সিনাবুংগা পৰ্বতত আগ্নেয়গিৰি ২০১০চনৰ পৰা সক্ৰিয় অৱস্থাত আছে আৰু ২০১৬ত এই আগ্নেয়গিৰিত ভয়ংকৰ উদগীৰণ সংঘটিত হৈছিল। পুনৰ ইয়াত আগ্নেয়গিৰি উদগীৰণৰ ফলত প্ৰায় ২০০০ মিটাৰ দূৰলৈ আকাশত ধোঁৱা বিয়পি পৰে।

https://twitter.com/corelionnews/status/1125601749585354753

জানিব পৰা মতে, আগ্নেয়গিৰিত উদগীৰণ হোৱাৰ ফলত বিমান উৰণত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। তদুপৰি সিনাবুংগা পৰ্বতৰ কাষৰীয়া অঞ্চলসমূহত বাস কৰা লোকসকলক এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰাৰ চৰকাৰক উপদেশ দিছে দুৰ্যোগ সংস্থাৰ এজন বিষয়াই।

অৱশ্যে এই উদগীৰণত বৰ্তমানলৈ কোনো লোক হতাহত হোৱা নাই আৰু দুৰ্যোগ সংস্থাই কাষৰত অঞ্চলসমূহৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ কোনো নিৰ্দেশ দিয়া নাই। উল্লেখ্য যে, প্ৰায় ৪০০ বছৰৰ পাছতহে ২০১০চনত সিনাবুংগাৰ আগ্নেয়গিৰিত উদগীৰণ হৈছিল। আৰু তাৰপাছত ২০১৪চনত পুনৰ হোৱা এক উদগীৰণ ফলত প্ৰায় ১৬জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল।