আন্তঃৰাষ্ট্ৰীয়

ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ’লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ 'হকী দলটোত বহু দলিত খেলুৱৈ থকা বাবে ভাৰত পৰাস্ত হ'ল।' এই জাতিগত মন্তব্য আগবঢ়াইছে ভাৰতীয় মহিলা হকীদলটোৰ খেলুৱৈ বন্দনা কাটাৰিয়াৰ ঘৰৰ সন্মুখত দুই যুৱকে। কেৱল এই কথা কোৱাই নহয়, যুৱক দুজনে বন্দনা কাটাৰিয়াৰ ঘৰৰ সন্মুখত আতচবাজী ফুটোৱাই এই পৰাজয়ৰ বাবে উল্লাখ প্ৰদৰ্শন কৰে।

খবৰ অনুসৰি তথাকথিত উচ্চজাতৰ বুলি নিজকে গণ্য কৰা অতি নিচ মানসিকতাৰ দুজন যুৱকে ভাৰতীয় হকী দলটো অলিম্পিকত পৰাস্ত হোৱাৰ পাছতে বন্দনা কাটাৰিয়াৰ ঘৰৰ সন্মুখলৈ আহি আতচবাজী ফুটাই আৰু কটু বাক্য নিক্ষেপ কৰি ভাৰতৰ পৰাজয়ৰ আনন্দত নৃত্য প্ৰদৰ্শন কৰে।

বন্দনা কাটাৰিয়াৰ ভাতৃয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ভাৰতৰ খেলখন সমাপ্ত হোৱাৰ পাছতে ঘৰৰ বাহিৰত আতচবাজীৰ শব্দ শুনিছিল আৰু গাওঁখনৰ দুজন উচ্চ বৰ্ণৰ যুৱকে বাহিৰত নাচি আছিল। যুৱক দুজনে ভাৰতীয় দলটোৰ পৰা দলিত খেলুৱৈসকলক দূৰত ৰাখিব লাগে বুলি উল্লেখ কৰিছে।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত বন্দনা কাটাৰিয়াৰ পৰিয়ালৰ ফালৰ পৰা আৰক্ষী থানাত গোচৰ তৰিছে আৰু ঘটনাৰ সৈতে জড়িত এজনক আটক কৰিবলৈ সক্ষম হৈছে।