আন্তঃৰাষ্ট্ৰীয়

চীনৰ ছ’চিয়েল মিডিয়াত থকা একাউন্ট এৰিলেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতত চীনৰ ৫৯টা এপছ নিষিদ্ধ কৰাৰ পাছত বিশেষভাৱে ছ'চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছিল এটা বিষয়ে। সেই বিষয়টো হ'ল চীনৰ ছ'চিয়েল মিডিয়া Weiboত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এটা একাউন্ট চলি আছে। প্ৰধানমন্ত্ৰীয়ে এই একাউন্টতো চলাই থকাক লৈ শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত তীব্ৰ চৰ্চা হৈছিল। বিষয়টো চৰ্চাৰ লগতে বিৰ্তকলৈ ঢাল খোৱা দেখি প্ৰধানমন্ত্ৰীয়ে একাউন্টটো ডিএক্টিভ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে।

চীনৰ অতিকৈ জনপ্ৰিয় ছ'চিয়েল মিডিয়া Weiboত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে একাউন্ট খুলিছিল ২০১৫চনতে। তেতিয়াৰে পৰা ২০২০ৰ লৈকে মোডীয়ে সেই একাউন্টত ১১৫টা পোষ্ট কৰিছে। ইয়াৰ পৰা শেহতীয়াকৈ ১১৩টা পোষ্ট ডিলিট কৰিছে মোডীয়ে। Weiboৰ একাউন্টত ২৪৪,০০০ফলৱাৰ্ছ আছিল মোডীৰ।

প্ৰাপ্ত খবৰ অনুসৰি, Weiboৰ একাউন্ট এৰিবৰ বাবে এক দীঘল প্ৰক্ৰিয়াৰে যাব লাগে। যাৰ বাবে প্ৰধানমন্ত্ৰীয়ে উক্ত একাউন্টটো ডিএক্টিভ কৰিবৰ বাবে যথেষ্ট সময় ল'ব পাৰে। প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা Weiboত একাউন্ট ডিএক্টিভ কৰিবৰ বহুদিনতে অনুৰোধ কৰা হৈছিল যদিও চীনে ইয়াৰ বাবে অনুমতি প্ৰদান কৰা নাছিল।