আন্তঃৰাষ্ট্ৰীয়

ছিংগাপুৰ-হংকঙত নিষিদ্ধ ভাৰতীয় মচলা ব্ৰেণ্ড...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ছিংগাপুৰ, হংকঙত নিষিদ্ধ কৰিছে ভাৰতত উৎপাদিত চাৰিবিধ মচলা। এম ডি এইছ আৰু এভাৰেষ্ট ব্ৰেণ্ডৰ ৪বিধ মচলা নিষিদ্ধ কৰিছে। হংকঙৰ খাদ্য সুৰক্ষা বিভাগে ভাৰতীয় কোম্পানী এম ডি এইছ আৰু এভাৰেষ্টৰ মছলাত কেন্সাৰ সৃষ্টিকাৰী পদাৰ্থ পোৱা বুলি দাবী কৰিছে।

নিষিদ্ধ এম ডি এইছৰ মাদ্রাছ কাৰি পাউদাৰ, মিক্সড মচলা পাউদাৰ, চাম্বৰ মচলা আৰু এভাৰেষ্টৰ ফিছ কাৰি মচলাও আছে এই তালিকাত। ইতিমধ্যে ভাৰততো খাদ্য সুৰক্ষা বিভাগে মচলাকেইবিধৰ নমুনা সংগ্রহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।