আন্তঃৰাষ্ট্ৰীয়

লাডাখৰ পৰা পিচুৱাইছে ভাৰত-চীনা সেনা বাহিনীৰ টেংক…VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ পশ্চিম হিমালয়ৰ যি স্থানত ভাৰত আৰু চীনা সেনাৰ মাজত সংঘৰ্ষ সংঘটিত হয় উক্ত স্থানৰ পৰা পিচুওৱাই যোৱাৰ সিদ্ধান্তত সহমত হৈছে। বৃহস্পতিবাৰে সদনত এই কথা জনাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ভাৰতীয় সেনা বাহিনীৰ আৰু চীনা সেনা বাহিনীৰ লডাখত থকা টেংকসমূহ বৰ্তমানৰ স্থানৰ পৰা পিচুৱাই আহিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, যোৱা কিছু মাহৰ পৰা লডাখৰ পেংগং ছ' এলেকাত চলি থকা গতিবিধিসমূহ বন্ধ কৰাৰ লগতে এই স্থানৰ পৰা পিচুৱাই আহিছে দুয়োখন দেশৰ সেনা বাহিনী। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয়- চীনৰ সৈতে আমাৰ কথা-বতৰা হৈ থকাৰ কাৰণেই আমি পেংগং ছ' বিলটোৰ উত্তৰ আৰু দক্ষিণ ফালৰ পৰা পিচুৱাই অহাত তেওঁলোকৰ সৈতে সহমত হৈছো।