আন্তঃৰাষ্ট্ৰীয়

অসম ৰেজিমেন্টৰ পেৰেড চঙত নাচিলে আমেৰিকান সেনাই, চাওক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ যোৱা ৫ ছেপ্তেম্বৰৰ পৰা ভাৰত আৰু আমেৰিকাই আমেৰিকাৰ লেৱিজ মেকাডত থকা সেনা চাউনীত সন্মিলিতভাৱে কৰি আছে যোদ্ধাভ্যাস। ১৮ ছেপ্তেম্বৰৰ লৈকে চলিব লগা এই যোদ্ধাভ্যাস হৈছে ভাৰত-আমেৰিকাই সন্মিলিতভাৱে কৰা এটা বৃহৎ কাৰ্যসূচী। এনে যোদ্ধাভ্যাস এটা বছৰ আমেৰিকাত আৰু এটা বছৰ অনুষ্ঠিত হয় ভাৰতত।

বৰ্তমান আমেৰিকাত চলি থকা এই যোদ্ধাভ্যাস স্থলীৰ পৰা এটা ভিডিঅ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ভিডিঅটোত দুয়োখন দেশৰ সেনাই একেলগে হাত চাপৰি বজাই নৃত্য কৰিছে এটা বিশেষ গীতত। নৃত্যৰ কৰা এই বিশেষ গীতটো হৈছে অসম ৰেজিমেন্টে পেৰডৰ সময়ত ব্যৱহাৰ কৰা 'Badluram ka badan zameen ke neeche hai' শীৰ্ষক গীতটো। ভিডিঅটোত অংশ লোৱা সেনা জোৱান সকলে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এ এন আইক জানিবলৈ দিয়া মতে- এনে গীত সমূহত নৃত্য কৰিলে তেওলোকৰ মনত উদ্যম দুগুণে বৃদ্ধি পায়।

উল্লেখ্য যে, অসম ৰেজিমেন্ট ভাৰতীয় সেনাৰ এটা গুৰুত্বপূৰ্ণ ইনফেন্ট্ৰী ৰেজিমেন্ট। অসম ৰেজিমেন্ট ভাৰত স্বাধীন হোৱাৰ পূৰ্বে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪১ চনৰ ১৫ জুন তাৰিখে মূলতঃ ভাৰতলৈ জাপানী সৈন্যৰ প্ৰবেশৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ লেফটেনেণ্ট কৰ্ণেল ৰোজ হমেনৰ (Lt. Col. Ross Howman) নেতৃত্বত স্থাপন কৰা হৈছিল। স্বাধীনতাৰ সময়ছোৱাত মাত্ৰ ৩ টা বেটেলিয়ান থকা ৰেজিমেন্টত বৰ্তমান ২২ টা বেটেলিয়ানেৰে ভাৰতীয় সেনাৰ অন্যতম সাহসী ৰেজিমেন্ট ৰূপে জনা যায়।