আন্তঃৰাষ্ট্ৰীয়

অন্তিম অভাৰৰ খেলত জয়ী হ’ল ভাৰতঃ বিজয়েৰে আৰম্ভ ৰোহিত-ৰাহুল যুটীৰ যুগ…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিজয়েৰে আৰম্ভ হ' ৰোহিত-ৰাহুল যুটীৰ আৰম্ভণি। জয়পুৰত অনুষ্ঠিত ভাৰত-নিউজিলেণ্ডৰ টি-২০ ছিৰিজৰ প্ৰথমখন টি-২০ খেলত টীম ইণ্ডিয়াই অন্তিম অভাৰত এক ৰোমাঞ্চকৰ জয় লাভ কৰি নিউজিলেণ্ডক ৫ উইকেটত পৰাস্ত কৰে। এই বিজয়ৰ লগে লগে আৰম্ভ হ'ল ভাৰতীয় ক্ৰিকেটত ৰোহিত-ৰাহুলৰ এটা নতুন যুগ। বিৰাট কোহলিয়ে টি-২০ দলৰ অধিনায়কৰ দায়িত্ব ত্যাগ কৰাৰ লগতে মুখ্য প্ৰশিক্ষক হিচাপে ৰবি শাস্ত্ৰীৰ কাৰ্যকাল শেষ হোৱাৰ পিছত প্ৰথমবাৰৰ ৰাহুল দ্ৰাবিড়ে ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছে। আনহাতে পূৰ্বে বিৰাটৰ অনুপস্থিতিত অধিনায়ক হিচাপে ১৯ খন খেলত অধিনায়কত্ব কৰা ৰোহিত শৰ্মাই দলটোৰ পূৰ্ণ পৰ্যায়ৰ অধিনায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰিছে।

মেচখনত টছত পৰাস্ত হৈ প্ৰথমেবেটিং কৰিবলৈ আহি নিউজিলেণ্ড দলটোৱে ৬ উইকেট হেৰুৱাই ১৬৪ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ মাৰ্টিন গুপ্টিলে ৭০ আৰু মাৰ্ক চেপমেনে ৬৩ ৰাণৰ অৰ্ধশতকীয় ইনিংছ খেলে। ভাৰতৰ হৈ আৰ অশ্বিন আৰু ভুৱনেশ্বৰ কুমাৰে ২টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়।

আনহাতে নিৰ্ধাৰিত লক্ষ্য আগত লৈ ভাৰতীয় দলটোৱে ১৯.৪ অভাৰত ৫ টা উইকেট হেৰুৱাই ১৬৫ ৰাণৰ লক্ষ্য অৰ্জন কৰে। মেচখনত ভাৰতৰ সূৰ্যকুমাৰ যাদৱে ৬২ ৰাণৰ এক অৰ্ধশতকীয় ইনিংছ খেলে। তেওঁক মেন অৱ দ্যা মেচৰ সন্মান প্ৰদান কৰা হয়।