আন্তঃৰাষ্ট্ৰীয়

‘চোৰ, চোৰ…’- ষ্টেডিয়ামৰ বাহিৰত বিজয় মালিয়াক পৰিলক্ষিত কৰি চিঞৰিলে একাংশই, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ 'চোৰ, চোৰ'- বুলি দেওবাৰে লণ্ডনত চিঞৰিলে একাংশ লোকে। দেওবাৰে লণ্ডনত অনুষ্ঠিত ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মেচ চাবলৈ ষ্টেডিয়ামত উপস্থিত হৈছিল পলাতক সুৰা ব্যৱসায়ী বিজয় মালিয়া।

খেল সমাপ্ত হোৱাৰ পাছতে ষ্টেডিয়ামৰ পৰা বাহিৰলৈ ওলাই অহা সময়তে তেওঁক দেখা পাই একাংশ লোকে 'চোৰ, চোৰ…' বুলি চিঞৰিবলৈ আৰম্ভ কৰে। মানুহৰ ভিৰৰ মাজত নিজ মাতৃৰ সৈতে বাহনৰ দিশে গৈ থকা সময়ত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত পলাতক সুৰা ব্যৱসায়ীজনে কয়- মোৰ মাতৃ যেন আহত নহয়।

ষ্টেডিয়ামৰবাহিৰত 'চোৰ চোৰ…' বুলি চিঞৰি থকা সময়ত বিজয় মালিয়াৰ লগত তেওঁৰ মাতৃ লতিতাওউপস্থিত আছিল। এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ'ও ভাইৰেল হৈ পৰে ছ'চিয়েল মিডিয়াত। বিজয়মালিয়াই ষ্টেডিয়ামৰ বাহিৰত কয়- 'মই কেৱল খেল চাবলৈ আহিছো। মোৰ মা যাতে এই ভিৰতআঘাতপ্ৰাপ্ত নহয়।'