আন্তঃৰাষ্ট্ৰীয়

বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হোৱাৰ দিশে ভাৰত, চীনতকৈ ৩০ লাখ অধিক জনসংখ্যা হ'ব ভাৰতত চলিত বৰ্ষতেই

Asomiya Pratidin

ডিজিটেল ডেস্ক : সৰ্বাধিক জনসংখ্যাৰ দেশ হিচাপে পৰিচিত হোৱাৰ দিশে ভাৰত । চলিত বৰ্ষৰেই মধ্যভাগত হেনো চীনক ৩০ লাখ জনসংখ্যাৰে দ্বিতীয় স্থানলৈ ঠেলি প্ৰথম স্থান উপনীত হ'ব ভাৰত । এই উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই ।

ৰাষ্ট্ৰসংঘৰ পপুলেছন ফাণ্ডৰ সমীক্ষা অনুসৰি, বছৰটোৰ মাজভাগলৈ দেশৰ জনসংখ্যা হ'ব প্ৰায় ১৪২ কোটি ৮৬ লাখ, যি সময়ত চীনৰ জনসংখ্যা হ'ব ১৪২ কোটি ৫৭ লাখৰ ওচৰত । এই দুয়োখন দেশৰ এনে উদ্বেগজনক জনসংখ্যাৰ পৰিৱৰ্তে তৃতীয় স্থানত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা আকৌ কেৱল ৩ কোটি ৩০ লাখ হে ।

উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰৰ মাজত মূল তফাৎ যেন ইয়াতেই । উন্নয়ণকামী ৰাষ্ট্ৰৰ উন্নয়নত বাধা দিয়া মূল দেৱালখনেই হ'ল অপৰিকল্পিত জনবিস্ফোৰণ । যাৰ ফলত ভৱিষ্যতে আহিব পাৰে বিভিন্ন সমস্যা ।

উল্লেখ্য যে, চীন আৰু ভাৰতে অতি শীঘ্ৰেই সমগ্ৰ বিশ্বৰ জনসংখ্যাৰ এক-তৃতীয়াংশৰ অধিকাৰী হ'ব । যি কোনো পধ্যেই গৌৰৱৰ বিষয় নহয় দুয়োখন দেশৰ বাবে ।