আন্তঃৰাষ্ট্ৰীয়

নেপালত ভাৰতে নিৰ্মাণ কৰিব শিক্ষানুষ্ঠান

asomiyapratidin

ডিজিটেল ডেস্কঃ নেপালত ভাৰতে মৈত্ৰী আঁচনিৰ অধীনত শিক্ষানুষ্ঠান নিৰ্মাণ কৰিব। ২০১৫ চনৰ এক প্ৰলয়ংকাৰী ভূঁইকঁপৰ ফলশ্ৰুতিত নেপালৰ প্ৰায় ৭১ খন শিক্ষানুষ্ঠান ধ্বংস হৈছিল। বিধ্বস্ত হোৱা এই শিক্ষানুষ্ঠানৰ পুনৰ নিৰ্মাণৰ কাম ভাৰতে কৰিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰে।

ভাৰতীয় দূতবাসে জনোৱা অনুসৰি, নেপাল-ভাৰত মৈত্ৰী উন্নয়ন আঁচনিৰ অধীনত ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰখনক সহযোগিতা কৰা মানসেৰে বিধ্বস্ত শিক্ষানুষ্ঠানসমূহ পুনৰ নিৰ্মাণৰ কাম হাতত লৈছে। ইতিমধ্যে ৮ খন শিক্ষানুষ্ঠানৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে বাকী ৬২ খন শিক্ষানুষ্ঠানৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত চলি আছে।