আন্তঃৰাষ্ট্ৰীয়

ভাৰতে প্ৰতি সময়তে দেশৰ সুৰক্ষা প্ৰসংগৰ দোহাই দিয়েঃ চীন…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰে মঙলবাৰে ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰসংগ উল্লেখ কৰি ৪৩ টা মোবাইল এপ নিষিদ্ধ কৰে। নিষিদ্ধ কৰা এপ কেইটাৰ অধিক সংখ্যা চীনা এপ। ভাৰত চৰকাৰৰ এনে সিদ্ধান্তত বুধবাৰে চীনে মন্তব্য কৰে যে, তেওঁলোকে ভাৰতৰ এনে সিদ্ধান্তৰ পূৰ্ণ বিৰোধিতা কৰিছে।কাষৰীয় দেশখনে লগতে অভিযোগ কৰে যে ভাৰতে এপ বোৰ নিষিদ্ধ কৰাৰ বাবে প্ৰতিবাৰেই ৰাষ্ট্ৰীয় সুৰক্ষা বিষয়টো ব্যৱহাৰ কৰি আহিছে।

চৰকাৰৰ দ্বাৰা দিয়া এক বিবৃতি অনুসৰি ভাৰতৰ সুৰক্ষা আৰু অখণ্ডতাৰ বাবে পূৰ্বৰ তুলনাত দেশখনৰ গতিবিধিৰ স্থলন ঘটিছে বাবে চৰকাৰে ৪৩ টা মোবাইল এপ নিষিদ্ধ কৰিছে। উল্লেখ্য যে, নিষিদ্ধ কৰা এপ বোৰৰ ভিতৰত কিছুমান ডেটিং এপো আছে।