আন্তঃৰাষ্ট্ৰীয়

ছুইছ বেংকত থকা ভাৰতীয় গ্ৰাহকৰ একাউণ্টৰ প্ৰথমখন তালিকা প্ৰদান ভাৰত চৰকাৰক…

asomiyapratidin

ডিজিটেল ডেস্কঃ ছুইছ বেংক কৰ্তৃপক্ষই বেংকটোত ধন জমা ৰখা ভাৰতীয় গ্ৰাহকৰ তালিকা জমা দিয়ে ভাৰত চৰকাৰক । এই তালিকা ছুইজাৰলেণ্ড চৰকাৰে অট'মেটিক এক্সছেঞ্জ অৱ ইনফ'ৰ্মেশ্যনৰ (এ ই অ' আই) নতুন ব্যৱস্থাপনাৰ অধীনত ভাৰতক চৰকাৰক প্ৰদান কৰিছে।

ছুইজাৰলেণ্ডৰ ফেডৰল টেক্স এডমিনিষ্ট্ৰেশ্যন চমুকৈ এফ টি এ-য়ে ৭৫খন দেশক এ ই অ আইৰ বিশ্বস্তৰীয় মানদণ্ডৰ অধীনত একাউণ্টসমূহৰ তথ্য আদান-প্ৰদান কৰিছে। আশা কৰা হৈছে যে এই ব্যৱস্থাৰ দ্বাৰা ভাৰতে ছুইছ বেংকত জমা ৰখা ক'লা ধনৰ বিৰুদ্ধে যুঁজ দিয়াত বহু সুবিধা লাভ কৰিব ভাৰত চৰকাৰে।

এফ টি এৰ প্ৰবক্তাই সদৰী কৰিছে যে, ভাৰতকপ্ৰথমবাৰৰ বাবে এ ই অ আইৰ অধীনত এই একাউণ্টসমূহৰ তথ্য প্ৰদান কৰা হৈছে। লগতে ভাৰতকআগন্তুক সময়ত সেইবোৰ একাউণ্টৰো তথ্য প্ৰদান কৰা হ'ব, যিবোৰ একাউণ্ট ২০১৮ত বন্ধ কৰাহৈছিল।