আন্তঃৰাষ্ট্ৰীয়

এলএচিত আমি নহয়, চীনা সেনাই কৰিছিল ফাইৰিংঃ ভাৰতীয় সেনা বাহিনী…

asomiyapratidin

ডিজিটেল ডেস্কঃ লাডাখৰ এলএচিত চীনে ভাৰতীয় সেনাই ফাইৰিং কৰা বুলি দাবী কৰাৰ পাছত ভাৰতীয় সেনা বাহিনীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি ভাৰতীয় সেনা বাহিনীয়ে কয় যে, 'আমি নহয়, চীনা সেনাইহে ফাইৰিং কৰিছিল। ভাৰতীয় সেনা চকীৰ কাষলৈ অহাৰ চেষ্টা চলাইছিল চীনে।'

উল্লেখ্য যে, চীনা সেনা প্ৰবক্তাগৰাকীয়ে পূৰ্বে কৈছিল যে- 'ভাৰতীয় সেনা বাহিনীয়ে অবৈধভাৱে এলএচি পাৰ কৰিছে আৰু পেংগোংগ হ্ৰদৰ দক্ষিণ দিশৰ শেনপাঅ' মাউণ্টেন এলেকাত প্ৰৱেশ কৰে। অভিযানৰ সময়ত ভাৰতীয় সেনা বাহিনীয়ে চীনা সেনাৰ ভাবুকি দিয়াৰ ভংগীমাৰে ফাইৰিং কৰে।'