আন্তঃৰাষ্ট্ৰীয়

ভাৰত-চীন সীমা বাবাদক লৈ মধ্যস্থতাকাৰী হ’বলৈ সাজু আমেৰিকা…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰত আৰু চীনৰ সীমা বিবাদক লৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দুয়োখন দেশৰ মাজত মধ্যস্থতাকাৰী হ'বলৈ সাজু বুলি মন্তব্য কৰিছে। টুইটাৰযোগে ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে- 'দুয়োখন দেশৰ সীমা বাবদক লৈ আমি মধ্যস্থকাৰী হ'বলৈ সাজু বুলি জনাইছো।'

ইফালে, ভাৰতীয় সেনা বাহিনীৰ এগৰাকী ছিনিয়ৰ আৰ্মী কমাণ্ডৰসকলৰ দ্বাৰা স্থল সেনাৰ মুৰব্বী জেনেৰেল এম এম নৰৱানৰ অধ্যক্ষতাত প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ কাৰ্যালয়ত এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত চীন-ভাৰতৰ সীমান্তৰ সুৰক্ষা সম্পৰ্কীয় বিষয়ত আলোচনা কৰা হয়।