আন্তঃৰাষ্ট্ৰীয়

বৰষুণেই হৈ পৰিছে ভাৰতৰ প্ৰধান শত্ৰু : চেঞ্চুৰিয়ানত বিৰাট বাহিনী সবল স্থিতিত

asomiyapratidin

ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাত চলি আছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্ট। চেঞ্চুৰিয়ানত খেলি থকা টেষ্টখনত বাৰে বাৰে দিছে বতৰে বিধি পথালি। প্ৰথমদিনৰ মেচ সঠিক ভাৱেই অনুষ্ঠিত হোৱাৰ পিছত দ্বিতীয় দিনত এটাও বল উইকেটত পৰা নাছিল।

মেচখনৰ তৃতীয়টো দিনত মঙ্গলবাৰে মুঠ ১৮ টা উইকেট পৰিছিল। এই ১৮ টা উইকেটৰ ভিতৰত আছিল ভাৰতৰ ৮ টা আৰু দক্ষিণ আফ্ৰিকাৰ ১০ টা উইকেট। টেষ্টখনৰ চতুৰ্থটো দিন অধিক ৰোমাঞ্চকৰ হৈ পৰিছে। বৰ্তমান ভাৰতে ১৪৬ ৰাণৰ অগ্ৰগতি লাভ কৰিছিল যদিও ভাৰতে অতি কমেও ১৫০ ৰাণ সংগ্ৰহ কৰিব লাগিব।

খেলখনত এতিয়াও ৬ টা চেচন বাকী আছে। বিৰাট কোহলি এণ্ড কোম্পানীয়ে টেষ্টখন জয়ৰ বাবে দক্ষিণ আফ্ৰিকাৰ সন্মুখত ৩০০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ চেষ্টা চলাব। ভাৰতীয় দলটোৰ বাবে এই মুহূৰ্তত বতৰ প্ৰধান শত্ৰু হিচাপ পৰিগণিত হৈছে। বৰষুণৰ বাবেই দ্বিতীয় দিনৰ খেল পৰিত্যক্ত হোৱাৰ পিছত চতুৰ্থ দিনৰ খেলৰ সময়তো বৰষুণ অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে দক্ষিণ আফ্ৰিকাৰ বতৰ বিজ্ঞান কেন্দ্ৰই।

একুৱাৱেডাৰৰ প্ৰতিবেদনত কোৱা হৈছে যে চেঞ্চুৰিয়ানত বৰষুণ অহাৰ ৫৫ শতাংশ সম্ভাৱনা আছে। অৱশ্যে, এইটোও স্পষ্ট কৰা হৈছে যে দিনৰ ভাগত বতৰ ডাৱৰীয়া হ'লেও সূৰ্যই দেখা দিব। যদিহে খেলৰ মাজত বৰষুণ আহে তেনে জয়ৰ সম্পূৰ্ণ সম্ভাৱনা থকা টেষ্টখন ভাৰতে হেৰুৱাব লাগিব।