আন্তঃৰাষ্ট্ৰীয়

ইমৰান খানৰ টুইটাৰত প্ৰতিক্ৰিয়াঃ ভাৰতীয় সেনা জোৱানৰ তেজেৰে হোলী খেলা বন্ধ কৰক

asomiyapratidin

ডিজিটেল ডেস্কঃ পাক প্ৰধানমন্ত্ৰী ইমৰান খানে টুইটাৰযোগে হিন্দু ধৰ্মাৱলম্বী লোকসকলক হোলীৰ শুভেচ্ছা জনায়। কিন্তু ইমৰান খানৰ টুইটাৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে 'দ্য এক্সিডেন্টেল প্ৰাইম মিনিষ্টা'ৰ ছবিখনৰ ক'-প্ৰডুশ্যৰ অশোক পণ্ডিতে। পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছিল যে- হোলীৰ শুভেচ্ছা জনালো। সকলো শান্তিপূৰ্ণ হোলী খেলাৰ আশা কৰিলো।'

তাৰপাছতেই অশোক পণ্ডিতে পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ এই টুইটক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। অশোক পণ্ডিতে টুইটাৰত লিখে- 'প্ৰথমে আমাৰ সেনা জোৱানৰ তেজেৰে হোলী খেলা বন্ধ কৰক। আৰু তাৰপাছতহে হোলীৰ শুভেচ্ছা দিব।'

উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰীত পুলৱামাত পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদে আক্ৰমণ চলাইছিল, য'ত ৪৪জনকৈ চি আৰ পি এফ জোৱান শ্বহীদ হৈছিল। তাৰপাছৰে পৰা ভাৰত আৰু পাকিস্তানৰ সম্পৰ্কত অধিক অৱনতি ঘটিছে। তাৰপাছৰে পৰা এনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰায়ে দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে।