আন্তঃৰাষ্ট্ৰীয়

পুলৱামাৰ বৰ্বৰ আক্ৰমণৰ মাষ্টাৰ মাইণ্ড মাছুদ আজহাৰৰ সন্মুখত আন এক বিপদ…

asomiyapratidin

ডিজিটেল ডেস্কঃ পুলৱামাৰ বৰ্বৰ আক্ৰমণৰ মাষ্টাৰ মাইণ্ড জেইছ ই মহম্মদৰ মাছুদ আজহাৰক আজি ৰাষ্ট্ৰসংঘই আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ সম্ভাৱনা আছে। ভাৰতীয় সময় অনুসৰি দিনৰ ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত এই বিষয়টো আজি উত্থাপন হ'ব। বৰ্তমানৰ লৈকে আমেৰিকা, ফান্স আৰু বিট্ৰেইনে মছুদ আজহাৰক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণাৰ প্ৰস্তাৱক সমৰ্থন জনাইছে।

এতিয়ালৈকে এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰা নাই চীনে। চীনে এই প্ৰস্তাৱত সহমত পোষণ কৰিলে অহা সপ্তাহতে গৃহীত হ'ব মাছুদ আজহাৰক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ।আজাহাৰৰ নিৰ্দেশত ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত জেইছ ই মহম্মদে সন্ত্ৰাসবাদী কাৰ্যকলাপেৰ অব্যাহত ৰাখিছে।