আন্তঃৰাষ্ট্ৰীয়

শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ তালিকাত কিয় নাই পাকিস্তানী খেলুৱৈ ? পাকিস্তানৰ সৰ্বত্ৰে আই চি চিক সমালোচনা….

asomiyapratidin

ডিজিটেল ডেস্কঃ আই চি চি য়ে চলিত বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ বাবে মনোনীত ক্ৰিকেটাৰৰ তালিকা প্ৰকাশ কৰিছে। চলিত বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰজন নিৰ্বাচিত কৰিবলৈ প্ৰস্তুতি চলাইছে আই চি চিয়ে। ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ বাবে ইতিমধ্যে ৪ জন ক্ৰিকেটাৰৰ নাম মনোনীত কৰা হৈছে। এই ৪ জন ক্ৰিকেটাৰৰ মাজত আছে ভাৰতৰ ৰবিচন্দ্ৰন অশ্বিনো। শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ বাবে মনোনীত হোৱা আন ৩ গৰাকী ক্ৰিকেটাৰ ক্ৰমে ইংলেণ্ডৰ অধিনায়ক জো ৰুট, নিউজিলেণ্ডৰ কাইল জেমছন আৰু শ্ৰীলংকাৰ দিমুথ কৰুণাৰত্নে।

আই চি চিয়ে এই তালিকা প্ৰকাশ কৰাৰ পিছতে পাকিস্তানৰ ক্ৰিকেট অনুৰাগী, ক্ৰিকেট প্ৰশাসক আৰু প্ৰাক্তন ক্ৰিকেটাৰকে ধৰি সকলোৱে আই চি চিক সমালোচনা কৰিছে। পাকিস্তানৰ এইসকল সমালোচকে চলিত বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ দৌৰত এজনো পাকিস্তানী ক্ৰিকেটাৰে স্থান লাভ নকৰাৰ বাবেই আই চি চিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

পাকিস্তানী ক্ৰীড়া সাংবাদিকসকলে প্ৰশ্ন উত্থাপিত কৰিছে কিয় পাকিস্তানৰ এজনো টেষ্ট ক্ৰিকেটাৰক এই বঁটাৰ বাবে মনোনীত কৰা নহ'ল? পাকিস্তানৰ ক্ৰীড়া সাংবাদিক চাজ চাদিকে দেশখনৰ পেচ বলাৰ শ্বাহিন আফ্ৰিদীক তালিকাত স্থান নিদিয়াৰ বাবে সমালোচনা কৰিছে। তেওঁ লিখিছে, ৪ জন খেলুৱৈক আই চি চি টেষ্ট প্লেয়াৰ অফ দা ইয়েৰৰ বাবে মনোনীত কৰা হৈছে। জো ৰুট, আৰ অশ্বিন, কাইল জেমিচন আৰু দিমুথ কৰুণাৰত্নে এই বঁটাৰ বাবে মনোনীত হৈছে। মই আচৰিত যে এই বছৰ অশ্বিনৰ পিছত টেষ্টত সৰ্বাধিক ৪৭ টা উইকেট দখল কৰা শ্বাহিন আফ্ৰিদী তালিকাত নাই।

দেশখনৰ আন এজন ক্ৰীড়া সাংবাদিক আৰ্শলান সিদ্দিকীয়েও আই চি চিৰ এই তালিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁৰ মতে, শ্বাহিন আফ্ৰিদীয়ে ২০২১ চনত সুন্দৰ বলিং কৰিছিল। ৯ খন টেষ্টত ৪৭ টা উইকেট দখল কৰিছিল। শ্বাহিন শ্বাহ আফ্ৰিদীয়ো এই বছৰ অশ্বিনৰ পিছত দ্বিতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী। তথাপিও তেওঁক মনোনয়নৰ বাবে যোগ্য বুলি গণ্য কৰা হোৱা নাই।

আনহাতে, হাছান আলীৰ নাম তালিকাত নথকাটোও আচৰিত। তেওঁ ৮ খন খেলত ১৬.০৭ গড়ে মুঠ ৪১ টা উইকেট দখল কৰিছে। তেওঁৰ গড় অশ্বিন (১৬.৬৭) আৰু শ্বাহিন আফ্ৰিদী (১৭.০৬)তকৈও ভাল। অশ্বিনে ২০২১ চনত এতিয়ালৈকে ৫২ টা উইকেট দখল কৰিছে। এইদৰেই এতিয়া পাকিস্তানত আই চি চিয়ে প্ৰকাশ কৰা শ্ৰেষ্ঠ টেষ্ট খেলুৱৈৰ তালিকাক লৈ সমালোচনা হৈছে।

আই চি চিৰ মতে, অশ্বিনে এই বছৰ ৮ খন মেচত ৫২ টা উইকেট দখল কৰিছে। তেওঁ ২৮ তকৈ অধিক গড়ে ৩৩৭ ৰাণ সংগ্ৰহ কৰিছে। ইয়াত এটা শতিক অন্তৰ্ভুক্ত আছে। অশ্বিনে অলপতে নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ ২ খন মেচত ১৪ টা উইকেট দখল কৰিছে আৰু টেষ্টত ভাৰতৰ হৈ তৃতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হৈছে।