আন্তঃৰাষ্ট্ৰীয়

আধুনিক পোছাক পৰিধানৰ কুফল! স্বামীৰ হকী ষ্টীকৰ কোবত ভৰি ভাঙিল পত্নীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ আজিৰ এই আধুনিক যুগত সকলোৱে কিছু ব্যতিক্ৰমী সাজ-পোছাক পিন্ধি নতুন নতুন পৰীক্ষণ কৰা দেখা যায়। কিন্তু কেতিয়াবা কেতিয়াবা এই পৰীক্ষণৰ ফলাফল বৰ ভয়ংকৰ হয়। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ চহৰতো এনেকুৱা হোৱা দেখা গ'ল।

এগৰাকী মহিলাই এনে ধৰণৰ পোছাক পৰিধান কৰিলে যে তাৰ ফলত ভাঙিল মহিলাগৰাকীৰ এখন ভৰি। দৰাচলতে মেলবৰ্ণৰ এগৰাকী মহিলাই সাপ সদৃশ এযোৰ কাপোৰ পৰিধান কৰিছিল। যাৰফলত মহিলাগৰাকীৰ ভৰি দুখন দেখিবলৈ সম্পূৰ্ণ সাপৰ দৰে হয়। তাৰপাছত যেতিয়া মহিলাগৰাকীৰ স্বামীয়ে হঠাৎ ভৰিখন প্ৰত্যক্ষ কৰে তেতিয়া আচল সাপ বুলি নিজৰ প্ৰাণৰ প্ৰতি ভাবুকি অহা বুলি ভাবি এটা হকী ষ্টীকেৰে প্ৰচণ্ড জোৰে কোব সোধাই। কিন্তু যেতিয়া হকী ষ্টীকৰ কোবাত মহিলাগৰাকীয়ে চিঞৰে তেতিয়াহে জানিব পাৰে যে, সেইখন ভৰিহে, সাপ নহয়।

মহিলাগৰাকীৰ ভৰিত গুৰুতৰভাৱে আঘাত পোৱাত স্বামীয়ে দুখ প্ৰকাশ কৰে আৰু ক্ষমা খোজে। বৰ্তমান মহিলাগৰাকী চিকিৎসাধীন হৈ আছে স্থানীয় এখন হাস্পতালত। তলৰ ফটোখনত দেখিবলৈ পাইছে যে সাইলাখ সাপৰ দৰে দেখি ভৰিখন। দুয়োখন ভৰি নহয় যেন দুটা সাপে মেৰপাক খাইহে আছে।

ফটোঃ ফেচবুক

উল্লেখ্য যে, মহিলাগৰাকীয়ে নিশা শুবলৈ সাজু হোৱাৰ পূৰ্বে সাপ সদৃশ ষ্ট'কিংগ পৰিধান কৰিছিল। কম্বলৰ পৰা ভৰি দুখন ওলাই আছিল। কোঠাটোত প্ৰায় আন্ধাৰ হৈ আছিল। সেই সময়তে স্বামীয়ে কোঠাটোত সোমাই আৰু ভৰি দুখনক সাপ বুলি ভাবি আতংকিত হৈ পৰে। তাৰপাছত দুৱাৰখনৰ কাষতে থকা হকী ষ্টীকডালেৰে প্ৰচণ্ড কোব সোধাই আৰু আঘাতপ্ৰাপ্ত কৰে সহধৰ্মীনিৰ ভৰি।