আন্তঃৰাষ্ট্ৰীয়

ৰাছিয়াৰ পুতিন চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ, গ্ৰেপ্তাৰ ২৫০০ প্ৰতিবাদকাৰীক…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ পুতিন চৰকাৰৰ বিৰুদ্ধে দেশখনৰ ৰাজপথত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ওলাই আহিছে। ৰাছিয়াৰ ৰাজধানী ম'স্কোত আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত সৃষ্টি হয় হতাহতি। ৰাছিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিবাদৰ মাজতে প্ৰায় ২৫০০ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

বিৰোধী নেতা এলেক্সী নৱলনীক মুক্তি দিয়া আৰু পুতিন চৰকাৰৰ আঁতৰোৱাৰ দাবীত ৰাছিয়াৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ। নৱলনীক বাৰ্লিনৰ পৰা উভতি অহাৰ পাছতেই ম'স্কো বিমান বন্দৰত আটক কৰা হৈছিল।

ইফালে, আমেৰিকা আৰু ব্ৰুছেলছে প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৰিহনা জনায়। উল্লেখ্য যে, যোৱা ১৭ জানুৱাৰীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভি পুতিনৰ সমালোচক তথা বিৰোধী নৱলনীক গ্ৰেপ্তাৰ কৰা হৈছিল। জাৰ্মানত যোৱা ৫ মাহ ধৰি নৱলনীৰ চিকিৎসা চলি আছে। নৱলনীয়ে ৰাছিয়া চৰকাৰে তেওঁক বিষ দিয়াৰ অভিযোগো উত্থাপন কৰিছিল।