আন্তঃৰাষ্ট্ৰীয়

ভয়ংকৰ মুদ্ৰাস্ফিতিৰ দিশে আৰ্জেন্টিনা, ২০০০ টকীয়া নোটৰ আন্তৰ্জাতিক বজাৰ মূল্য কেৱল ৪ ডলাৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : দক্ষিণ আমেৰিকান ৰাষ্ট্ৰসমূহৰ বাবে মুদ্ৰাস্ফিতি কোনো নতুন কথা নহয় । অতীজৰে পৰাই মুদ্ৰাস্ফিতিয়ে জুৰুলা কৰি থোৱা দেশসমূহে অৰ্থনীতি টনকিয়াল কৰিবলৈ বহু ক্ষেত্ৰত বহু বেআইনী কাৰ্যকলাপো উপায়ন্তৰ হৈ সমৰ্থন কৰিব লগীয়াত পৰিছিল এসময়ত । যাৰ বাবে দক্ষিণ আমেৰিকান দেশসমূহত অধৰাধৰ মাত্ৰাও প্ৰৱল ।

তেনেসময়তেই অহা আন এক বাতৰিয়ে উদ্বেগৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বত । দক্ষিণ আমেৰিকাৰ দেশ আৰ্জেন্টিনা এতিয়া ভয়াৱহ মুদ্ৰাস্ফিতিৰ কবলত । ২০০০ টকীয়া আৰ্জেন্ট‍াইন পেছ'ৰ বৰ্তমান আন্তৰ্জাতিক মূল্য প্ৰায় ৪ ডলাৰ হে । দেশখনৰ সৰ্ববৃহৎ মূল্যৰ নোটখনৰ বাবদ আন্তৰ্জাতিক বজাৰত কেৱল ৪ ডলাৰ লাভ কৰা কাণ্ডই চকু কপালত তুলিছে অৰ্থনীতিবিদসকলৰ । আনহাতে, শেহতীয়াকৈ দেশখনত মুদ্ৰাস্ফিতি ১৩০ শতাংশ বৃদ্ধি পোৱা বুলিও জানিবলৈ পৰা গৈছে ।

উল্লেখ্য যে, এই মুদ্ৰাস্ফিতিৰ পাছত দেশখনে যে পূৰ্বৰ দক্ষিণ আমেৰিকান ৰাষ্ট্ৰসমূহৰ দৰে মোকাবিলা কৰিবলৈ কোনো বেআইনী কাৰ্য-কলাপ সমৰ্থন নকৰিব তাৰ কোনো নিশ্চয়তা নাই । অৱশ্যে এই ক্ষেত্ৰত পূৰ্বৰ দৰে শিথিল অথবা দূৰ্বল নহয় আন্ত:ৰাষ্ট্ৰীয় আইন । ইয়াৰ ওপৰিও আৰ্জেন্টিনাৰ পৰা ভাৰত তথা অন্য দেশলৈ ৰপ্তানি কৰা হয় সোণ আৰু ৰন্ধনত ব্যৱহৃত তেল । এই দুয়োবিধ সামগ্ৰীৰে শেহতীয়া মুদ্ৰাস্ফিতিৰ ফলত দাম বৃদ্ধি হোৱাৰ সম্ভাৱনাও নথকা নহয় ।