আন্তঃৰাষ্ট্ৰীয়

নেপালত হেলিকপ্টাৰ দুৰ্ঘটনাত, পাইলটসহ নিহত ৬জন

asomiyapratidin

ডিজিটেল ডেস্কঃ নেপালত শনিবাৰে দুৰ্ঘটনাত পতিত হয় এখন হেলিকপ্টাৰ। এই দুৰ্ঘটনাত পাইলটসহ হেলিকপ্টাৰখনত থকা ৬জনকৈ লোকৰ মৃত্যু ঘটে।

নুৱাকট জিলাৰ চাৰ্নশ্বেটত সংঘটিত এই দুৰ্ঘটনাৰ পৰা এগৰাকী মহিলা যাত্ৰীক জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে উদ্ধাৰকাৰী দল।

এগৰাকী ৰোগীক গোৰ্খাৰ পৰা কাঠমাণ্ডুলৈ আনি থকাৰ সময়তে হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হয় বুলি চুবুৰীয়া দেশখনৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে।