আন্তঃৰাষ্ট্ৰীয়

নেপালত বানৰ তাণ্ডৱঃ ৭ জন নিহত, ৫০ৰো অধিক লোক নিৰুদ্দেশ, ভাঙি গৈছে ২০০ ঘৰ…VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ নেপালত ধাৰাসাৰ বৃষ্টিপাত হৈ থকাৰ ফলত সৃষ্টি হৈছে বানপানীৰ। বানৰ তণ্ডৱ এতিয়া নেপালৰ বিভিন্ন প্ৰান্তত। মধ্য নেপালৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতে সৃষ্টি হোৱা বানে কাঢ়ি নিলে ৭জনকৈ লোকৰ প্ৰাণ। ইফালে, ৫০ৰো অধিক লোক নিৰুদ্দেশ হৈ আছে। ইফালে, বানপানীৰ ফলত ভাঙি গৈছে কেইবাখনো দলং। যাৰ ফলত বহু স্থানত যাতায়াত স্তব্ধ হৈ পৰিছে।

আনহাতে, বানে তাণ্ডৱ চলোৱা স্থানত দলংবোৰ ভাঙি পৰাৰ ফলত উদ্ধাৰ অভিযানতো বহু সমস্যাৰ সৃষ্টি হৈছে। যোৱা ৪৮ ঘটনা নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত মেলমছী নদীৰ বাঢ়নি পানীয়ে সৰ্বাধিক ক্ষতিগ্ৰস্ত কৰিছে ৰাইজৰ। জানিব পৰা মতে, এই বানত প্ৰায় ২০০টাকৈ ঘৰ উটি গৈছে।