আন্তঃৰাষ্ট্ৰীয়

বিখ্যাত ছবি পৰিচালক হাৰ্ভে ৱেইনষ্টেইনৰ দেহত কোৰোনা ভাইৰাছ…

asomiyapratidin

ডিজিটেল ডেস্কঃ এসময়ৰ বিখ্যাত ছবি পৰিচালক হাৰ্ভে ৱেইনষ্টেইনৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা পোহৰলৈ আহিছে। বৰ্তমান যৌন নিৰ্যাতন আৰু বলাৎকাৰৰ গোচৰত কাৰাগাৰত আছে ৱেইনষ্টেইন। কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা পোহৰলৈ অহাৰ পিছতে ৱেণ্ডে কাৰেকশ্যন ফেচিলিটিত আইছ'লেছনত ৰখা হৈছে পৰিচালকগৰাকীক। দেওবাৰে পুৱা পোহৰলৈ আহিছে ৱেইনষ্টেইনৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা।

২৩ বছৰৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে পৰিচালকগৰাকী। ১১ মাৰ্চত প্ৰডাকচন সহযোগী মিমি হালেয়িক যৌন নিৰ্যাতন আৰু অভিনেত্ৰী জেছিকা মানক বলাৎকাৰ কৰাৰ অভিযোগত তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। ইতিমধ্যে হাৰ্ভে ৱেইনষ্টেইনৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা নিউ য়ৰ্কৰ কেবাখনো বাতৰি কাকতে সদৰি কৰিছে।