আন্তঃৰাষ্ট্ৰীয়

দৰ্শকে বহুবাৰ মোৰ ৰং আৰু ধৰ্মক লৈ কটু মন্তব্য কৰিছেঃ হৰভজন সিং…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰত আৰু অষ্ট্ৰেলীয়াৰ মাজত চলি থকা তৃতীয়খন ক্ৰিকেট মেটছৰ দেওবাৰে ৪ৰ্থ দিন। এই ৪ৰ্থ দিনৰ দিনা কিছুসময়ৰ বাবে খেল স্থগিত ৰখা হৈছিল যেতিয়া আমন্ত্ৰিত খেলুৱৈক চিডনী খেলপথাৰত দৰ্শকে অপশব্দ প্ৰয়োগ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ক্ৰিকেট অষ্ট্ৰেলীয়াই ইয়াৰ বাবে ক্ষমা বিচাৰে আৰু অপশব্দ প্ৰয়োগ কৰা লোকসকলক উচিত শাস্তি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

ভাৰতৰ দিগ্গজ ক্ৰিকেটাৰ হৰভজন সিঙে টুইট কৰি এই ঘটনা সম্পৰ্কে তেওঁৰ মত পোষণ কৰে। হৰভজন সিঙে টুইটাৰ যোগে লিখে যে, তেওঁ অষ্ট্ৰেলীয়াৰ খেলপথাৰত বহুবাৰ এনে মন্তব্যৰ মুখামুখি হৈছে।তেওঁ কয় যে, দৰ্শকে তেওঁৰ ৰং আৰু ধৰ্মক লৈ বহু বাৰ টিপ্পনী দিছে।

এয়া তেওঁলোকে প্ৰথমবাৰৰ বাবে কৰা নাই বুলিও মন্তব্য কৰি তেওঁ সেয়া আপোনালোকে কিদৰে বাধা দিব বুলিও প্ৰশ্ন কৰে। হৰভজন সিঙৰ এই পোষ্টটো সামাজিক মাধ্যমত খুৱেই ভাইৰেল হৈছে। তেওঁৰ অনুৰাগী সকলেও পোষ্টটোত যথেষ্ট কমেন্ট কৰে।