আন্তঃৰাষ্ট্ৰীয়

ভুল নকৰিব ! ফটো নহয় এইখন অঁকা ছবিহে…

asomiyapratidin

ডিজিটেল ডেস্কঃ কিছুমান কাম ইমান নিখূতকৈ কৰা হয় যে, সন্মোহন হৈ চাই থাকিব মন যায়। চছিয়েল মিডিয়াত চৰ্চা হোৱা তেনে এখন ছবিক লৈ এতিয়া ব্যাপক আলোচনা। এখন কলপাতৰ ওপৰত ৫ টা কাৱৈ মাছ আৰু ৩ টা শিঙৰা মাছ। প্ৰথম দৃষ্টিতেই আপোনাৰ এনে লাগিব এইয়া অঁকা নহয়, সঁচা ছবি।

ছবিখন আঁকিছিল বাংলাদেশৰ এজন শিল্পীয়ে। তেওঁৰ নাম এইছ কে জোছেফ। ২০২০ত এই ছবিখন বাংলাদেশৰ শিল্পীগৰাকীয়ে কেনভাছত অইল কালাৰেৰে অংকন কৰিছিল। ৬১ চি এম X৬১ চি এম আকৃতিৰ এই ছবিখন দেখা প্ৰতিজন লোকেই এটাই শব্দই উচ্চাৰণ কৰে, 'আচৰিত ইমান নিখূতকৈও কোনাবাই আঁকিব পাৰেনে ছবি!'