আন্তঃৰাষ্ট্ৰীয়

মিছলীয়া ডনাল্ড ট্ৰাম্প! মোডীলৈ ফোন কৰা বুলি মাৰ্কিন ৰাষ্ট্ৰপতিয়ে কিয় মাতিলে মিছা…

asomiyapratidin

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মিছা কথা কোৱাতো কোনো নতুন কথা নহয়। বিভিন্ন সংবাদমেলৰ লগতে প্ৰতিৱেশী ৰাষ্ট্ৰক লৈ মিছা মতাৰ অপযশ ট্ৰাম্পৰ বিৰুদ্ধে আগৰে পৰাই আছে। শেহতীয়াকৈ ডনাল্ড ট্ৰাম্পৰ এনে এক মিছাই পোহৰলৈ আহিল।

বিগত দিনত ভাৰত আৰু চীনৰ মাজত সম্পৰ্কৰ অধিক অৱনতি ঘটিছে। সীমান্ত প্ৰথমে চীনে ভাৰতৰ ১০ কিঃমিঃ ভিতৰলৈ চীনা সেনা মোতায়েন কৰাৰ পিছতে ভাৰতেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। শেহতীয়াকৈ এই বিষয়ক লৈয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে এক মন্তব্য কৰিছে। তেওঁ কৈছে, ভাৰত আৰু চীনৰ মাজত বিবাদ অব্যাহত আছে। ১.৪ বিলিয়ন জনতা আৰু অতিকৈ শক্তিশালী সেনা বাহিনীৰ মাজৰ এই বিবাদ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। এনেধৰণৰ কাৰ্যকত লৈ ভাৰত মুঠেই সুখী নহয় আৰু সম্ভৱতঃ চীনো সুখী নহয়।'

এই মন্তব্যৰ উপৰিও ট্ৰাম্পে লগতে কয়, চীনৰ সৈতে শেহতীয়া বিবাদক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোডীৰ মুড বৰ ভাল নহয়। মই তেওঁৰ সৈতে কথা পাতিছো' ভাৰত আৰু চীনৰ মাজত মধ্যস্থতাকাৰী হিচাপে কাম কৰাক লৈও ট্ৰাম্পে কয়, তেওঁলোকে যদি ভাৱে মই মধ্যস্থতা কৰিলে কিবা ভাল হয়, তেন্তে মই এই কামৰ বাবে আগ্ৰহী।

ভাৰত-চীনৰ সম্পৰ্কক লৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিছো বুলি ডনাল্ড ট্ৰাম্পে দাবী কৰিছে যদিও শেহতীয়াকৈ এক সূত্ৰই স্পষ্ট কৰি দিছে যে, এই বিষয়ত লৈ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ট্ৰাম্পৰ সৈতে কথা পতা নাই। অৱশ্যে ট্ৰাম্পৰ সৈতে শেষবাৰৰ বাবে Hydroxychloroquine মেডিচিনক লৈ প্ৰধানমন্ত্ৰীয়ে কথা পাতিছিল ২০২০ৰ ৪ এপ্ৰিলত। কিন্তু তাৰ পিছত ভাৰত-চীনৰ বিবাদক লৈ কোনো কথা ট্ৰাম্পৰ সৈতে পতা নাই প্ৰধানমন্ত্ৰী মোডীয়ে।

এই সূত্ৰটোৱে লগতে দাবী কৰিছে যে, ভাৰত-চীনৰ সীমান্ত সৰ্ম্পকীয় বিষয়ক লৈ ভাৰতে পোনপতীয়াকৈ চীনৰ সৈতে আলোচনা কৰে। এনে বিষয়ৰ নিষ্পত্তিৰ বাবে দুয়োখন দেশৰ মাজত কিছু ব্যৱস্থা পূৰ্বৰে পৰা আছে। উল্লেখ্য যে, বিদেশ মন্ত্ৰণালয়ে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল যে, ভাৰতে এই বিবাদক লৈ পোনপতীয়াভাৱে চীনৰ সৈতে সম্পৰ্কত আছে। গতিকে এনে সমূহ কথাৰ পৰা প্ৰমাণ হয় যে, মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাপে এই বিষয়ক লৈ মিছাৰ আশ্ৰয় লৈছে।