আন্তঃৰাষ্ট্ৰীয়

জাৰ্মানৰ মন্ত্ৰীয়ে কৰিলে আত্মহত্যা, কোৰোনাৰ ফলত সৃষ্টি হোৱা আৰ্থিক মন্দাৱস্থাক লৈ আছিল চিন্তিত…

asomiyapratidin

ডিজিটেল ডেস্কঃ জাৰ্মানৰ হেছে ৰাজ্যৰ বিত্তমন্ত্ৰী থমাছ ছায়েফাৰে কৰিলে আত্মহত্যা। ৰাজ্যখনৰ সংবাদমাধ্যমৰ খবৰ অনুসৰি ছায়েফাৰৰ মৃতদেহ শনিবাৰে ৰেল লাইনত উদ্ধাৰ কৰা হয়। উল্লেখ্য যে, কোৰোনা ভাইৰাছৰ ফলত দেশখনত দেখা দিয়া আৰ্থিক মন্দাৱস্থাক লৈ অতিকৈ চিন্তিত আছিল বিত্তমন্ত্ৰীগৰাকী। আৰু এই ভাইৰাছত জাৰ্মানৰ ৫০হাজাৰৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে প্ৰায় ৪০০ৰো অধিক লোকৰ।

ইফালে, হেছেৰ মুখ্যমন্ত্ৰী ৱালকৰ ৱফিয়ৰে বিত্তমন্ত্ৰীগৰাকীৰ মৃত্যুত শোকব্যক্ত কৰি কয় যে- 'তেওঁ এই মহামাৰীৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহ সন্মুখীন হোৱাৰাজ্য কোম্পানী তথা কৰ্মচাৰীসকলৰ সহায়ৰ বাবে দিনে-নিশাই কাম কৰি আছিল।'