আন্তঃৰাষ্ট্ৰীয়

ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিলে নিজকে মাৰি পেলোৱাৰ ভাবুকি পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোডীৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ পিএনবি কোটিটকীয়া কেলেংকাৰীৰে জড়িত পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোডীৰ জামিন আবেদন পুনৰ এবাৰ খাৰিজ কৰিছে ব্ৰিটেইনৰ আদালতে। ৱেণ্ডছৱৰ্থ কাৰাগাৰত বন্দী জীৱন কটাই থকা নীৰৱ মোডীয়ে ৪০ লাখ পাউণ্ড জৰিবহনা ভৰাৰ লগতে তেওঁক কাৰাগাৰৰ পৰিৱৰ্তে নজৰবন্দীত ৰখাৰ বাবে আদালতত আবেদন জনাইছিল। কিন্তু ৱেষ্টমিনিষ্টাৰ মেজিষ্ট্ৰেটৰ আদালতত ন্যায়াধীশ এম্মা অৱৰ্থনাটে নীৰৱ মোডীৰ আবেদন খাৰিজ কৰে।

ইফালে নীৰৱ মোডীক ভাৰত প্ৰতাৰ্পন সন্দৰ্ভত গ্ৰহণ কৰা শুনানিকালত পলাতক হীৰা ব্যৱসায়ীজনে আদালতক জনায় যে যদি তেওঁক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হয়, তেন্তে তেওঁ নিজকে হত্যা কৰি পেলাব। উল্লেখ্য যে, আদালতত নীলা চুৱেটাৰ পিন্ধি উপস্থিত হোৱা নীৰৱ মোডীক পূৰ্বৰ তুলনাত অধিক সুস্থ দেখা যায়। আদালতৰ শুনানিৰ অন্তত তেওঁক পুনৰ ৱেণ্ডছৱৰ্থ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। ইফালে ৪ ডিচেম্বৰত হ'বলগীয়া পৰৱৰ্তী শুনানিত কাৰাগাৰৰ পৰাই ভিডিঅ' কনফাৰেন্সৰ যোগে আদালতৰ সন্মুখীন হ'ব।