আন্তঃৰাষ্ট্ৰীয়

ক্ৰিকেটপ্ৰেমীক কন্দুৱাই চিৰদিনৰ বাবে গ’লগৈ শচীন টেণ্ডুলকাৰেও ভয় কৰা আন্তঃৰাষ্ট্ৰীয় দুৰ্দান্ত বলাৰজন…

asomiyapratidin

ডিজিটেল ডেস্কঃ হৃদৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে মৃত্যু হ'ল পাকিস্তানৰ ক্ৰিকেট দলৰ প্ৰাক্তন বলাৰ আব্দুল কাদিৰৰ। লাহোৰত মৃত্যু হয় ৬৩ বছৰীয়া প্ৰাক্তন খেলুৱৈগৰাকীৰ। মৃত্যুৰ সময়ত পত্নীৰ লগতে ৪ পুত্ৰ আৰু এগৰাকী কন্যাক তেওঁ এৰি গৈছে। উল্লেখ্য যে, প্ৰাক্তন পাকিস্তানী খেলুৱৈগৰাকীৰ কন্যাও বিবাহপাশত আবদ্ধ হৈছে দেশখনৰ খেলুৱৈ উমৰ আকমলৰ সৈতে।

উল্লেখ্য যে, বলাৰগৰাকীয়ে ৬৭ খন টেষ্ট মেচ আৰু ১০৪ খন এদিনীয়াত মুঠ ৩৬৮ টা উইকেট লাভ কৰিবলৈ সক্ষম হৈছিল। খেলুৱৈগৰাকীৰ মৃত্যুৰ পিছতে দেশখনৰ ক্ৰিকেটপ্ৰেমীসকলৰ মাজত শোকৰ ছা পৰা দেখিবলৈ পোৱা গৈছে। ইফালে ভাৰতীয় সংবাদমাধ্যমটো আছে কাদিৰৰ এক চিনাকী।

মৃত্যুৰ সময়ৰ লৈকে কাদিৰে পাকিস্তানৰ ক্ৰিকেটৰ ক্ষেত্ৰখনত খেলুৱৈ বাচনি কৰা প্ৰক্ৰিয়াৰ সমালোচনা কৰা দেখা গৈছিল। ২০০৯ চনত তেওঁৰ দেশৰ খেলুৱৈ বাচনিত মুখ্য ভূমিকা লৈছিল। তেওঁ নিৰ্বাচন কৰা দলেই টি-২০ বিশ্বকাপত জয়ী হবলৈ সক্ষম হৈছিল।ইফালে একালৰ পাকিস্তানৰ খেলুৱৈ তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰো প্ৰিয় খেলুৱৈ আছিল কাদিৰ।

১৬ বছৰীয়া এগৰাকী খেলুৱৈ হিচাপে শচীন টেণ্ডুলকাৰ খেলপথাৰত নমাৰ সময়ত বহুতো দুৰ্দান্ত বলাৰৰ সন্মুখীন হৈছিল। বিশেষকৈ প্ৰথমবাৰ পাকিস্তানলৈ যোৱাৰ সময়ত তেওঁ ইমৰান খান, আব্দুল কাদিৰৰ লগতে আন বলাৰৰ সন্মুখীন হৈছিল। আব্দুল কাদিৰৰ মৃত্যু হোৱাত সেইসময়ৰ কথা সুৱৰি শচীন টেণ্ডুলকাৰেও কৰিলে টুইট। তেওঁ ক'লে, 'আব্দুল কাদিৰ সময়ত তেওঁ এগৰাকী দুৰ্দান্ত বলাৰ আছিল। তেওঁলৈ মই শ্ৰদ্ধাঞ্জলী জনাইছো।'