আন্তঃৰাষ্ট্ৰীয়

বাৰৰ ভিতৰত হঠাৎ চলিল গুলী, ১৩ জনৰ মৃত্যু

asomiyapratidin

ডিজিটেল ডেস্কঃ আমেৰিকাৰ এখন বাৰত বুধবাৰে নিশা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাত কেইবাজনো লোক নিহত হোৱাৰ লগতে আন কেইবাজনো গুৰুতৰভাৱে আহত হয়। আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, কেলিফৰ্ণিয়াৰ এখন বাৰত বুধাবাৰে এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ এক অনুষ্ঠান চলি থকাৰ সময়তে বাৰত ভিতৰত এজন অস্ত্ৰধাৰী দুৰ্বৃত্তই প্ৰৱেশ কৰে।

অস্ত্ৰধাৰী দুৰ্বৃত্তজনে কিছু সময় বাৰৰ ভিতৰত কটোৱাৰ পিছতে হঠাৎ বন্দুক উলিয়াই নিৰ্বিচাৰ গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। এই ঘটনাত বাৰখনত উপস্থিত কেইবাজনো লোক গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে কেইবাজনো লোকৰ থিতাতে মৃত্যু ঘটে।

আমেৰিকা প্ৰশাসনৰ ফালৰ পৰা সদৰী কৰা মতে, এই গুলীবৰ্ষণত বাৰখনৰ ভিতৰত থকা ১৩ জন লোক নিহত হোৱাৰ লগতে কমেও ১০ জন লোক আহত হয়। আনহাতে এই ঘটনাত দুৰ্বৃ্ত্তজনৰো মৃত্যু ঘটা বুলি জানিব পৰা গৈছে।

আনহাতে প্ৰত্যক্ষ দৰ্শীৰ মতে, দুৰ্বৃত্তজনে কমেও ৩০ জাঁই গুলী বৰ্ষণ কৰিছিল। সেই সময়ত জীৱন বচাবলৈ বহুতে বাৰৰ পৰা দৌৰি ওলাই আহিবলৈ সক্ষম হয় যদিও বহুতে সুযোগ নপোৱাৰ বাবেই মৃত্যুক সাৱটি লয়। ইফালে এই ঘটনা সংঘটিত কৰা দুৰ্বৃত্তজন কোনো সন্ত্ৰাসবাদী সংগঠনৰ নেকি সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই আমেৰিকান প্ৰশাসনে।