আন্তঃৰাষ্ট্ৰীয়

পাকিস্তানত ভয়াৱহ অগ্নিকাণ্ড, জ্বলি শেষ হ’ল বহু সম্পত্তি

asomiyapratidin

ডিজিটেল জেস্কঃ পাকিস্তানত বুধবাৰে সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। ননকানা চাহেব গুৰুদ্বাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড। শিখসকলৰ এই তীৰ্থস্থানত সংঘটিত অগ্নিকাণ্ডৰ পিছতে সৃষ্টি হয় হুৱাদুৱা পৰিৱেশৰ। ননকানা জিলাত অৱস্থিত এই গুৰুদ্বাৰত হোৱা অগ্নিকাণ্ডৰ ফলত বহুতো ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।

কাষৰ এটা অট্টালিকাত নিৰ্মাণৰ কাম চলি আছিল আৰু মজুত সামগ্ৰীৰ পৰাই জুইৰ সূত্ৰপাত হয়। তাৰ পিছতে জুইৰ লেলিহান শিখাই গুৰুদ্বাৰত থকা কেইখনমান বিচনা আৱৰি ধৰে আৰু জুইয়ে ভয়াৱহ ৰূপ লয়। জুই নিৰ্বাপিত হৈছে যদিও অঞ্চলটোত বৰ্তমানো অব্যাহত আছে হাহাকাৰ পৰিৱেশ।