আন্তঃৰাষ্ট্ৰীয়

বন্ধ হ’ল ফেচবুকৰ ১৫০ কোটি ভুৱা একাউণ্ট

asomiyapratidin

ডিজিটেল ডেস্কঃ ১৫০ কোটি ভুৱা একাউণ্ট বন্ধ কৰিলে ফেচবুকে। বিশ্বৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ফেচবুক বিগত সময় চোৱাত প্ৰায় ১৫০ কোটি ভুৱা একাউণ্ট বন্ধ কৰা বুলি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৰ মুৰব্বী মাৰ্ক জুকাৰবাৰ্গে।

তেওঁ জনোৱা মতে, চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয়টো ত্ৰিমাসিকত ফেচবুকে ৮শ নিযুত আৰু তৃতীয় ত্ৰিমাসিকত ৭৫৪নিযুত ভুৱা একাউণ্ট বন্ধ কৰিছিল। 'এ ব্লুপ্ৰিন্ট ফৰ ক'নটেইন্ট গভাৰ্নছমেন্ট এণ্ড এনফৰ্ছমেন্ট' শীৰ্ষক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে জুকাৰবাৰ্গে।

উল্লেখ্য যে, নিউয়ৰ্ক টাইমছে মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ৰাছিয়াৰ হস্তক্ষেপৰ বিষয়টো সন্দৰ্ভত উৰা বাতৰি প্ৰচাৰ ৰোধ কৰাৰ ক্ষেত্ৰত ফেচবুকে ব্যৰ্থ হোৱা বুলি সমালোচনা কৰাৰ পাছতেই এই ঘোষণা কৰে জুকাৰবাৰ্গে। ফেচবুকে লগতে নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদনত উল্লেখ কৰা কেবাটাও দাবীৰ সত্যতাও অস্বীকাৰ কৰে।