আন্তঃৰাষ্ট্ৰীয়

ছোমালিয়াত দুটাকৈ বিস্ফোৰণ, নিহত ১১, আহত ২৫…

asomiyapratidin

ডিজিটেল ডেস্কঃ ছোমালিয়াৰ ৰাজধানী মোগাদিশুত শনিবাৰে সংঘটিত হয় দুটাকৈ বিস্ফোৰণ। বিস্ফোৰণত ১১জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ২৫জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। স্থানীয় আৰক্ষীৰ এগৰাকী বিষয়াই জনায় এই কথা।

সন্ত্ৰাসবাদী সংগঠন অল-ছবাবে এই বিস্ফোৰণ দুটা সংঘটিত কৰা বুলিস্বীকাৰ কৰে। জেনেৰেল বি এ মহম্মদে মোগাদিশুৰ সংবাদমাধ্যমৰ আগত কয় যে, প্ৰথমটোবিস্ফোৰণ ৰাষ্ট্ৰপতি ভৱনৰ সমীপত সংঘটিত হয় য'ত ৯জনকৈ লোকে প্ৰাণ হেৰুৱাই। আৰুদ্বিতীয়টো বিস্ফোৰণ বিমান বন্দৰত সমীপত হয়। য'ত আন দুজন লোকৰ মৃত্যু হয়।