আন্তঃৰাষ্ট্ৰীয়

বাৰ্কৰ প্ৰাক্তন মুৰব্বী গুৰুতৰভাৱে অসুস্থ, কাৰাগাৰৰ পৰা চিকিৎসালয়লৈ প্ৰেৰণ…

asomiyapratidin

ডিজিটেল জেস্কঃ ৰেটিং সংস্থা বাৰ্কৰ প্ৰক্তন মুৰব্বী পাৰ্থ দাসগুপ্তাক ভুৱা টেলিভিছন ৰেটিংছ পইণ্ট (টিআৰপি) কেলেংকাৰীত বিগত বছৰৰ ডিচেম্বৰ মাহৰ শেষৰ পৰ্যায়ত আটক কৰাৰ পিছত শনিবাৰে মুম্বাইৰ জে জে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

ডায়বেটিচ ৰোগত আক্ৰান্ত হৈ থকা দাসগুপ্তাক শনিবাৰে পুৱাৰ ভাগত নাভি মুম্বাইৰ তালোজা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।তেওঁক প্ৰথমে জাজ হস্পিতালৰ তাৎক্ষণিক সেৱা কেন্দ্ৰত ভৰ্তি কৰি অক্সিজেন সেৱা প্ৰদান কৰা হয়।

উল্লেখ্য যে বিগত ২৪ ডিচেম্বৰত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই টি আৰ পি ৰিগিং কেলেংকাৰীত পাৰ্থ দাসগুপ্তাক আটক কৰিছিল।