আন্তঃৰাষ্ট্ৰীয়

সন্ত্ৰাসবাদীৰ বিস্ফোৰণত ইৰাকত ৩৬ জনৰ মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ : ঈদৰ পূৰ্বে যুদ্ধগ্ৰস্ত দেশ ইৰাকত ভয়ংকৰ ঘটনা। সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মৰ লোক সকলে প্ৰবিত্ৰ ঈদৰ বাবে প্ৰস্তুতিত ব্যস্ত হৈ থকাৰ সময়তে ইছলাম প্ৰধান দেশ ইৰাকত উঠিছে কান্দোনৰ ৰোল। সোমবাৰে ইৰাকৰ ৰাজধানী বাগদাদৰ ইছলামিক ষ্টেট গোটৰ এক আত্মঘাতি আক্ৰমণত ৩৬ জনৰো অধিক লোক নিহত হৈছে। মৃতসকলৰ বেছিভাগেই মহিলা আৰু শিশু।

সোমবাৰে সন্ধিয়া ইদ-উল-জুহাৰ পূৰ্বে লোক সকলে বজাৰ কৰি থকাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছিল। সমগ্ৰ ইৰাকতেই এই দুৰ্ঘটনাটোৰ বাবে শোকত ছাঁ পৰিছে। এই আক্ৰমণে সন্ত্ৰাসবাদী সংগঠন আই এছৰ বিষয়ে সমগ্ৰ ইৰাকত ঘৃণাৰ সৃষ্টি কৰিছে লগতে পুনৰ এনে ঘটনা সংঘটিত হোৱাৰো আশংকা সৃষ্টি কৰিছে দেশ খনত। চুন্নী মুছলমান জেহাদীসকলে টেলিগ্ৰাম মেচেঞ্জাৰ সেৱাৰ জৰিয়তে দাবী কৰিছে যে এজন আই এছ আত্মঘাতী বোমাৰুৱে উত্তৰ-পূব বাগদাদৰ চিয়া জিলাৰ ভহেলাট বজাৰত বিস্ফোৰণ ঘটাইছিল।

 উল্লেখযোগ্য যে ঈদ উপলক্ষে বজাৰখন  সুন্দৰ কৈ সজ্জিত কৰা হৈছিল আৰু যথেষ্ঠ লোকৰ ভিৰ হৈছিল বজাৰ খনত আৰু সেই সময়তে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল।আক্ৰমণৰ পিছতেই সমগ্ৰ অঞ্চলটো ভয় আৰু শংকাৰ ভৰি পৰিছিল, মানুহবোৰৰ মাজত দেখা গৈছিল তীব্ৰ বিশৃংখলতা। এক শোকাকুল পৰিস্থিতিত কান্দোন আৰু ধোঁৱাৰ মাজত চিন্ন ভিন্ন অৱস্থাত পৰি ৰৈছিল মৃত লোকৰ অবশিষ্ট অংশ বোৰ।