আন্তঃৰাষ্ট্ৰীয়

মূৰত কলংকৰ দাগঃ বিশ্বতে নিন্দিত ইংলেণ্ড…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিতৰ্কিত গ'লেৰে ইউৰোৰ ফাইনেলত প্ৰবেশ কৰিলে ইংলেণ্ডে। সুদীৰ্ঘ ৫৫ বছৰৰ মূৰত কোনো এক বৃহৎ প্ৰতিযোগিতাৰ খিতাপ জয়ৰ সুযোগ লাভ কৰিছে ইংলেণ্ডে। কিন্তু সুযোগ কাৰ্যকৰী কৰিবলৈ সক্ষম হ'লেও ইউৰোৰ ইতিহাসত কলংকিত হৈ ৰ'ব ইংলেণ্ড বাহিনী। ১৯৬৬ চনত বিশ্ব কাপ জয় কৰাৰ পাছত ইংলেণ্ডে বৰ্তমানলৈকে জয় কৰিব পৰা নাই কোনো বৃহৎ প্ৰতিযোগিতাৰ ট্ৰফী। সয়েহে কোৱো হৈছে 'ঘৰ ৱাপছি' হৈছে ফুটবলৰ।

প্ৰতিবাৰেই বিশ্বকাপ বা ইউৰোকাপৰ সময়ত কোৱা হয় ঘৰ ৱাপছি হ'ব বা ঘৰলৈ ঘূৰি আহিব ফুটবল। কিন্তু প্ৰতিবাৰেই যেন ভাগ্য সুপ্ৰসন্ন হৈ নাথাকে ইংলেণ্ড বাহিনীৰ। খালী হাতেৰেই ঘৰলৈ উভতে ইংলেণ্ড বাহিনী। এইবাৰ ইউৰোত খিতাপ জয়ৰ সুযোগ লাভ কৰিছে ইংলেণ্ডে, সন্মুখত ইটালী।

ডেনমাৰ্কৰ সৈতে হোৱা ছেমি ফাইনেলৰ মেচখনত ইংলেণ্ডই ফেভাৰিট আছিল। সকলোৱে পূৰ্বেই ইংলেণ্ডেই ছেমি ফাইনেলত জয়ৰ মুখ দেখিব বুলি অনুমান কৰিছিল। কিন্তু কোনেও আশা কৰা নাছিল ছেমিফাইনেল জয় কৰি ফাইনেলত উপনীত হোৱাৰ ক্ষেত্ৰত ইংলেণ্ডৰ মূৰত কলংকৰ দাগ লাগিব।

নানান ঘাত প্ৰতিঘাতেৰে ইউৰোৰ অভিযান কৰা ডেনমাৰ্কেই প্ৰথমে ইংলেণ্ডৰ ৰক্ষণ বিভাগ ভেদ কৰি গ'ল কৰিবলৈ সক্ষম হৈছিল যদিও সময়ত মেচখনৰ ফলাফল ২-১ ত ইংলেণ্ডৰ সপক্ষে যায়। প্ৰথমে ডেনমাৰ্কৰ হৈ মেচখনৰ ৩০ মিনিটত মাইকেল ডামছবাৰ্গে ফ্ৰী কিকৰ জৰিয়তে ইংলেণ্ডক এটা গ'ল দিবলৈ সক্ষম হয় যদিও মাত্ৰ ৯ মনিটৰ পাছতে ডেনমাৰ্কে আত্মঘাটী গ'লেৰে ইংলেণ্ডক ক্ষমতা স্থাপনত সুবিধা কৰি দিয়ে।

ছেমি ফাইনেলখনৰ নিৰ্ধাৰিত সময়ত কোনোধৰণৰ ফলাফল নোলোৱাত ৰেফাৰীয়ে অতিৰিক্ত ৩০ মিনিট সময় নিৰ্ধাৰণ কৰে। এই অতিৰিক্ত সময়তেই ইংলেণ্ডৰ ৰহিম ষ্টাৰলিং ডেনমাৰ্কৰ ৰক্ষণ বিভাগত সোমাই পৰে আৰু ড্ৰিবল কৰিবলৈ গৈ বাগৰি পৰে। ৰেফাৰীয়ে নিৰ্দেশ দিয়ে পেনাল্টিৰ। ডেনমাৰ্কৰ গ'লৰক্ষকে শ্বট প্ৰতিহত কৰি গ'ল ৰক্ষা কৰিব পাৰিছিল যদিও উভতি অহা বল পুনৰ শ্বট লৈ ইংলেণ্ডে ২-১ ৰ ব্যৱধানত মেচ জয় কৰে।

কিন্তু ৰেফাৰীৰ সেই পেনাল্টিৰ সিদ্ধান্ত ভুল আছিল। কিয়নো ড্ৰিবল কৰিবলৈ গৈ লুটিখাই পৰা ৰহিম ষ্টাৰলিং ডেনমাৰ্কৰ কোনো খেলুৱৈৰ দেহত লগা নাছিল বা তেওঁক কোনেও ফাউল কৰা নাছিল। ৰেফাৰীৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ডেনমাৰ্কে আপত্তি কৰিলেও ৰেফাৰীয়ে নিজ সিদ্ধান্তত অটল থাকে। মেচখন জয় কৰাৰ লগে লগে ইংলেণ্ডত আনন্দৰ জোৱাৰ উঠিলেও সমগ্ৰ বিশ্বজুৰি নিন্দিত হৈছে ইংলেণ্ড বাহিনী। চিৰ দিনলৈ মূৰত থাকি গ'ল এক কলংক। অৱশ্যে কলংকৰ দাগ লৈ ইংলেণ্ডে ইউৰোৰ খিতাপ জয় কৰিব পাৰেনে নোৱাৰে সেয়া সময়ে হে ক'ব।