আন্তঃৰাষ্ট্ৰীয়

কাৰ ভাগ্যত এইবৰ্ষৰ বিশ্বকাপ, কোন হ’ব জয়ী, অতীতে কি কয়, পঢ়ক সবিশেষ…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেওবাৰে অনুষ্ঠিত হ'ব বিশ্বকাপ ক্ৰিকেট, ২০১৯ৰ চূড়ান্ত খেল। নিউজিলেণ্ডৰ বিৰুদ্ধে মুখামুখি হ'ব ইংলেণ্ড। ১৯৭৫ চনৰ পৰা আৰম্ভ হোৱা ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত বৰ্তমানলৈকে এবাৰো জয়ী হ'বলৈ সক্ষম হোৱা নাই দুয়োটা দল।

এইবৰ্ষৰ বিশ্বকাপ ক্ৰিকেটত গ্ৰুপ পৰ্যায়ৰ খেলসমূহৰ ভিতৰত পাকিস্তান, শ্ৰী লংকা আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজিত হৈছিল ইংলেণ্ড। ইয়াৰ লগতে নিউজিলেণ্ডে প্ৰথমে কেইবাখনো খেলত জয়ী হৈছিল যদিও পৰৱৰ্তী সময়ত সেই ধাৰা অব্যাহত ৰাখিব পৰা নাছিল। ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হৈ বিজয় সাব্যস্ত কৰিছিল ইংলেণ্ডে। থিক তেনেদৰে ছেমি ফাইনেলত ভাৰতক হৰুৱাইছিল ইংলেণ্ডে।

এদিনীয়া খেলত বৰ্তমানলৈকে ৯০ বাৰকৈ মুখামুখি হৈছে ইংলেণ্ড আৰু নিউজিলেণ্ড। তাৰ ভিতৰত ৪৩ বাৰ নিউজিলেণ্ডৰ বিজয় হোৱাৰ লগতে ৪১ খন খেলত জয়ী হৈছে ইংলেণ্ড। ইফালে ২খন খেল দ্ৰ হোৱাৰ লগতে ৪ খন খেলত নোলাল কোনো ফলাফল।

বিশ্বকাপত দুয়োটা দল মুখামুখি হৈছে ৯খন খেলত। তাৰ ভিতৰত ৫খনত নিউজিলেণ্ড জয়ী হোৱাৰ লগতে ৪ খনত জয়ী হৈছে ইংলেণ্ডে। তাৰ বিতৰত ১৯৭৫ চনত ৮০ ৰানত ইংলেণ্ডৰ জয় হৈছিল। ১৯৭৯ চনত পুনৰবাৰৰ বাবে ইংলেণ্ড ৯ ৰানত জয়ী হৈছিল। ১৯৮৩ চনত তৃতীয়বাৰৰ বাবে ১০৬ ৰানত জয়ী হৈছিল ইংলেণ্ড। সেই একে বৰ্ষ অৰ্থাত ১৯৮৩ চনৰ বিশ্বকাপত পুনৰবাবে দুয়োটা দল মুখামুখি হওঁতে ২ উইকেটত জয়ী হৈছিল নিউজিলেণ্ড। ১৯৯২, ১৯৯৬, ২০০৭ আৰু ২০১৫ চনত ক্ৰিকেট বিশ্বাকাপত ইংলেণ্ডৰ বিৰুদ্ধে নিউজিলেণ্ডৰ জয় হোৱাৰ লগতে ২০১৯ বৰ্ষত অনুষ্ঠিত হোৱা এখন খেলত জয়ী হৈছিল ইংলেণ্ড।